Skip to main content

Posts

Showing posts from March, 2020

(6) এখন বজাৰ

সঁচাকৈ এখন বজাৰেই দেখোন, জোনে নিজেই নিজকে কোৱা প্ৰায়েই শুনে।একো নতুন কথা নহয়, যোৱা কেইমাহমানৰ পৰা তেনেকোৱাই লাগিছে তাইৰ।অফিচত সোমোৱাৰ লগে লগেই হুলস্থুল।ওপৰ মহলাৰ পৰা Sarah ৰ হাঁহিৰ খিলিকনী তললৈকে আহিছে।জোনৰ সহকৰ্মী।তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে।দেউতাক স্থানীয় দক্ষীন ভাৰতীয় আৰু মাক স্থানীয় চীনা মানুহ।পিছে তাই বিয়া সোমাইছে এজন স্থানীয় মুছলমান মালয় মানুহলৈ।তেখেতৰ দ্বিতীয় পৰিবাৰ তাই।মুঠতে একেবাৰে মিশ্ৰিত পৰিয়াল তাইৰ।এই গোটেই দেশখনৰ ছবিখন তাইৰ এটা পৰিয়ালেই প্ৰদৰ্শন কৰিব পাৰে দেখোন।চল্লিশৰ ঊৰ্ধৰ এগৰাকী কথকী মহিলা।তাইৰ অনৰ্গল কথা যেন শেষেই নহব কেতিয়াও।এনেকোৱা খোচ মেজাজৰ মানুহ জোনে ভালপায়।অফিচৰ দুৱাৰমুখতে জোনৰ আগত হাজিৰ।হাতত ডা ঙ ৰ ডা ঙ ৰ দুটা টোপোলা। “Fish curry!” কথাষাৰৰ লগতে Sarah ৰ ডা ঙ ৰ চকুকেইটা জিলিকি উঠিল।প্ৰায়েই তাই জোনলৈ খাবলৈ ঘৰৰ পৰা কিবাকিবি বনাই লৈ আহে।সদায়েই বুলি কব পাৰি।অন্তঃত এইকেইদিন সদায়েই লৈ আনিছে।কিয় বা... Lunch বুলি বেলেগে খোৱাৰ প্ৰয়োজনেই নহ'ল সেইদিনা।বহুত পৰ একো নোকোৱাকৈ বহি আছে Sarah. কি বা হ ’ ল আজি।পিছে কাৰণটো জানিবলৈ জোনৰ বেছি সময় নালাগিল। Sarah ই লাহেকৈ ক...

The Vision

Everyone or most people have a bigger vision of the world in their mind. Right from childhood. Particularly children. As a kid, I too used to have a bigger vision of each and every thing I came across. Like the bamboo forest next to my grandparents' in our ancestral village. The forest was next to the river which passed by our house. Ours was the last house of the village and by the river. The forest seemed like a never-ending green, dark and damp wonderland with imaginary ghosts, fairies and witches as in the stories as I would hear from my grandmother. There was a weird sound of crackling bamboo whenever a breeze passed by. Or like the water-body in the backyard of our ancestral house where I used to row the boat - my boat - taking in all my young cousins. That moment I used to feel on top of the world sailing a boat, taking care of lives I am responsible for saving. The water-body felt like a sea. I could see water everywhere till my eyes could figure out around me. As I gr...

সেই দিনবোৰ

আকৌ মনত পৰিল সেই দিনবোৰলৈ মুকলি আকাশৰ তলৰ মুকলি মনবোৰলৈ পঢ়াশালী বুলি গৰ্বেৰে কোৱা মন্দিৰলৈ ইউনিফৰ্ম কিনিবলৈ ভীৰ কৰা দোকানলৈ ৰিশ্যেশ্যনৰ আগেয়ে শেষ হোৱা টিফিনবোৰলৈ ধূলিৰে পোত যোৱা বাধাহীন ভৰি দুখনলৈ চাইকেলৰ দীঘল লানিৰে জিলিকোৱা ৰাস্তাটোলৈ ট্যুশ্যনৰ ওৰেবাট টিলিঙা বজোৱা ৰাতিপুৱালৈ শব্দেৰে সমাহৃত সন্ধিয়াৰ আলিবাটলৈ আবেগৰ এসাগৰ কথাৰ চিঠিবোৰলৈ শিব দৌলৰ পৰা শিবৰাত্ৰীৰ লানি নিছিগা মেলালৈ পূজাৰ বতৰত বিৰ দি বাট নোপোৱা পেন্দেললৈ দিনেনিশাই আখৰা কৰি প্ৰস্তুত হোৱা জেং বিহুলৈ নতুন কাপোৰ আৰু বন্ধুৰ উপহাৰেৰে ভৰা জন্মদিনলৈ কিতাপ কিনাৰ আশাৰে চাবলৈ যোৱা গ্ৰন্থমেলালৈ টিংকল, সঁফুৰা আৰু মৌচাকৰ পৃষ্ঠাবোৰলৈ বুঢ়ী আইৰ সাধু আৰু গ্ৰীমৰ সাধুবোৰলৈ আশাৰে ৰৈ থকা দেওবাৰৰ মইনামেললৈ আকৌ মনত পৰিল সেই দিনবোৰলৈ

এটা বিপ্লৱী কবিতা

কবিতা লিখিব লাগিব, এটা বিপ্লৱী কবিতা। চৌপাশে সিচৰিত হৈ থকা জীয়া শবোৰ জীপাল কৰিবলৈ। কেইটামান প্ৰতিবাদী শব্দৰ দৰকাৰ আকাশত বিয়পি পৰা নিশব্দবোৰ দূৰলৈ দলিয়াই পেলাবলৈ, নিঃশেষ কৰিবলৈ কাৰাগাৰৰ কুঠৰীৰ অসভ্য অন্ধকাৰ। ভদ্ৰ বিবেকবোৰৰ ভগ্ন বুকুচাত এতিয়া আন্দোলনৰ সুতুৰা আবেগ। প্ৰশ্ন হয় কোনে ৰাজবাট দেখুৱাব অন্ধ শাসক আৰু ক্ষুদ্ধ জনতাক? ক'ত সেই লাচিত আৰু কনকলতা? কোনে সামৰিব ৰাজপথৰ তেজৰ চেকুৰা, গুলীৰ আঘাতত ক্ষতবিক্ষত নিস্পাপ দেহা? কাৰাৰূদ্ধ প্ৰাচীৰত চটফটাইছে প্ৰতিবাদী স্বত্তাবোৰৰ কণ্ঠ। বনজুইৰ দপদপনি চৌদিশে। একাকাৰ হৈছে শব্দ আৰু শিল, যেন উফৰাই পেলাব সত্যৰ অৱশেষ। নাই, এনে হ'বলৈ দিব নোৱাৰি। ধ্বংস কৰিব লাগিব আমোলাৰ অন্ধ ভণ্ডালী। ওলাই আহিব লাগিব প্ৰয়োজনত হিলদ'ল ভাঙি ৰাজপথৰ মুকলি আকাশলৈ। বন্দুকক ভয় দেখুৱাই কৰিব লাগিব ক্ষমতাক দুৰ্দান্ত কুঠাৰাঘাত। হিয়াৰ ঘুকুতৰ কাতৰ চিঞঁৰ কবিতা লিখিব লাগিব, এটা বিপ্লৱী কবিতা।