সঁচাকৈ এখন বজাৰেই দেখোন, জোনে নিজেই নিজকে কোৱা প্ৰায়েই শুনে।একো নতুন কথা নহয়, যোৱা কেইমাহমানৰ পৰা তেনেকোৱাই লাগিছে তাইৰ।অফিচত সোমোৱাৰ লগে লগেই হুলস্থুল।ওপৰ মহলাৰ পৰা Sarah ৰ হাঁহিৰ খিলিকনী তললৈকে আহিছে।জোনৰ সহকৰ্মী।তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে।দেউতাক স্থানীয় দক্ষীন ভাৰতীয় আৰু মাক স্থানীয় চীনা মানুহ।পিছে তাই বিয়া সোমাইছে এজন স্থানীয় মুছলমান মালয় মানুহলৈ।তেখেতৰ দ্বিতীয় পৰিবাৰ তাই।মুঠতে একেবাৰে মিশ্ৰিত পৰিয়াল তাইৰ।এই গোটেই দেশখনৰ ছবিখন তাইৰ এটা পৰিয়ালেই প্ৰদৰ্শন কৰিব পাৰে দেখোন।চল্লিশৰ ঊৰ্ধৰ এগৰাকী কথকী মহিলা।তাইৰ অনৰ্গল কথা যেন শেষেই নহব কেতিয়াও।এনেকোৱা খোচ মেজাজৰ মানুহ জোনে ভালপায়।অফিচৰ দুৱাৰমুখতে জোনৰ আগত হাজিৰ।হাতত ডা ঙ ৰ ডা ঙ ৰ দুটা টোপোলা। “Fish curry!” কথাষাৰৰ লগতে Sarah ৰ ডা ঙ ৰ চকুকেইটা জিলিকি উঠিল।প্ৰায়েই তাই জোনলৈ খাবলৈ ঘৰৰ পৰা কিবাকিবি বনাই লৈ আহে।সদায়েই বুলি কব পাৰি।অন্তঃত এইকেইদিন সদায়েই লৈ আনিছে।কিয় বা... Lunch বুলি বেলেগে খোৱাৰ প্ৰয়োজনেই নহ'ল সেইদিনা।বহুত পৰ একো নোকোৱাকৈ বহি আছে Sarah. কি বা হ ’ ল আজি।পিছে কাৰণটো জানিবলৈ জোনৰ বেছি সময় নালাগিল। Sarah ই লাহেকৈ ক...
Scattered pieces of myriad emotions, some known and most unknown