কবিতা লিখিব লাগিব,
এটা বিপ্লৱী কবিতা।
চৌপাশে সিচৰিত হৈ থকা
জীয়া শবোৰ জীপাল কৰিবলৈ।
কেইটামান প্ৰতিবাদী শব্দৰ দৰকাৰ
আকাশত বিয়পি পৰা নিশব্দবোৰ
দূৰলৈ দলিয়াই পেলাবলৈ,
নিঃশেষ কৰিবলৈ কাৰাগাৰৰ
কুঠৰীৰ অসভ্য অন্ধকাৰ।
ভদ্ৰ বিবেকবোৰৰ ভগ্ন বুকুচাত
এতিয়া আন্দোলনৰ সুতুৰা আবেগ।
প্ৰশ্ন হয় কোনে ৰাজবাট দেখুৱাব
অন্ধ শাসক আৰু ক্ষুদ্ধ জনতাক?
ক'ত সেই লাচিত আৰু কনকলতা?
কোনে সামৰিব ৰাজপথৰ
তেজৰ চেকুৰা, গুলীৰ আঘাতত
ক্ষতবিক্ষত নিস্পাপ দেহা?
কাৰাৰূদ্ধ প্ৰাচীৰত চটফটাইছে
প্ৰতিবাদী স্বত্তাবোৰৰ কণ্ঠ।
বনজুইৰ দপদপনি চৌদিশে।
একাকাৰ হৈছে শব্দ আৰু শিল,
যেন উফৰাই পেলাব সত্যৰ অৱশেষ।
নাই, এনে হ'বলৈ দিব নোৱাৰি।
ধ্বংস কৰিব লাগিব আমোলাৰ
অন্ধ ভণ্ডালী। ওলাই আহিব লাগিব
প্ৰয়োজনত হিলদ'ল ভাঙি
ৰাজপথৰ মুকলি আকাশলৈ।
বন্দুকক ভয় দেখুৱাই কৰিব লাগিব
ক্ষমতাক দুৰ্দান্ত কুঠাৰাঘাত।
হিয়াৰ ঘুকুতৰ কাতৰ চিঞঁৰ
কবিতা লিখিব লাগিব,
এটা বিপ্লৱী কবিতা।
এটা বিপ্লৱী কবিতা।
চৌপাশে সিচৰিত হৈ থকা
জীয়া শবোৰ জীপাল কৰিবলৈ।
কেইটামান প্ৰতিবাদী শব্দৰ দৰকাৰ
আকাশত বিয়পি পৰা নিশব্দবোৰ
দূৰলৈ দলিয়াই পেলাবলৈ,
নিঃশেষ কৰিবলৈ কাৰাগাৰৰ
কুঠৰীৰ অসভ্য অন্ধকাৰ।
ভদ্ৰ বিবেকবোৰৰ ভগ্ন বুকুচাত
এতিয়া আন্দোলনৰ সুতুৰা আবেগ।
প্ৰশ্ন হয় কোনে ৰাজবাট দেখুৱাব
অন্ধ শাসক আৰু ক্ষুদ্ধ জনতাক?
ক'ত সেই লাচিত আৰু কনকলতা?
কোনে সামৰিব ৰাজপথৰ
তেজৰ চেকুৰা, গুলীৰ আঘাতত
ক্ষতবিক্ষত নিস্পাপ দেহা?
কাৰাৰূদ্ধ প্ৰাচীৰত চটফটাইছে
প্ৰতিবাদী স্বত্তাবোৰৰ কণ্ঠ।
বনজুইৰ দপদপনি চৌদিশে।
একাকাৰ হৈছে শব্দ আৰু শিল,
যেন উফৰাই পেলাব সত্যৰ অৱশেষ।
নাই, এনে হ'বলৈ দিব নোৱাৰি।
ধ্বংস কৰিব লাগিব আমোলাৰ
অন্ধ ভণ্ডালী। ওলাই আহিব লাগিব
প্ৰয়োজনত হিলদ'ল ভাঙি
ৰাজপথৰ মুকলি আকাশলৈ।
বন্দুকক ভয় দেখুৱাই কৰিব লাগিব
ক্ষমতাক দুৰ্দান্ত কুঠাৰাঘাত।
হিয়াৰ ঘুকুতৰ কাতৰ চিঞঁৰ
কবিতা লিখিব লাগিব,
এটা বিপ্লৱী কবিতা।
Comments