কাৰেঙ ঘৰৰ একেবাৰে ওপৰলৈ উঠি গৈ তাৰ পৰা 'তলৰ পৃথিৱীখন' চোৱাৰ হেঁপাহেই আগুৰি ৰাখিছিল আমাৰ শৈশৱক। আমাৰ মানে মোৰ আৰু লগতে সৰু সৰু সপোন দেখা এজাক সহজ-সৰল ল'ৰা-ছোৱালীৰ। গড়গাঁৱৰ ল'ৰা-ছোৱালীৰ। সেইয়া ১৯৮০-৯০ৰ কথা। আমি সমনীয়াবোৰৰ এটা ডাঙৰ গোট আছিলো। গড়গাঁৱৰ প্ৰত্যেকটো আলি-চুবুৰীত অন্তঃত এটাকৈ হ'লেও লগৰ সমনীয়া আছিল সেই সময়ত। আমি সকলো একেখন প্ৰাথমিক বিদ্যালয়লৈকে গৈছিলো - গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়। আহোমৰ চতূৰ্থখন ৰাজধানী গড়গাঁও। চৌপাশ গড় আৰু খাৱৈৰে আৱৰা এখন কম জনবসতিপূৰ্ণ ঠাই। আমি কনমানিবোৰৰ কাৰণে আমাৰ অতিকৈ ভালপোৱা পৃথিৱীখন। আহোম স্বৰ্গদেউৰ কাৰেঙ ঘৰৰ একেবাৰে গাতে লাগি থকা আমাৰ এল্ পি স্কুলখন। পানী খোৱা ছুটীৰ (Recession) সময়ত কাষৰ দোকানৰ পৰা পঞ্চাছ পইচাৰ ছানা কিনি কাৰেঙ ঘৰৰ ওপৰলৈ উঠি গৈ তাতে বহি খোৱাৰ দৈনন্দিন অভ্যাস আমাৰ। তেতিয়া কাৰেঙ ঘৰৰ চাৰিওপাশে একো বেৰা নাছিল। সৰু ল'ৰা-ছোৱালী ওপৰলৈ গৈ অন্যমনস্ক হৈ পৰি যাব পাৰে ধৰণৰ নানা চিন্তা-দুঃচিন্তা মনলৈ অহা মাক-দেউতাক আৰু অভিভাৱকো নাছিল। এখন মুকলি আকাশৰ তলত মুক্তমনেৰে বিচৰণ কৰা এজাক চৰাই আছিলো আমি। নতুন কথা শিকা, নতুন বস্ত...
Scattered pieces of myriad emotions, some known and most unknown