আকৌ মনত পৰিল সেই দিনবোৰলৈ
মুকলি আকাশৰ তলৰ মুকলি মনবোৰলৈ
পঢ়াশালী বুলি গৰ্বেৰে কোৱা মন্দিৰলৈ
ইউনিফৰ্ম কিনিবলৈ ভীৰ কৰা দোকানলৈ
ৰিশ্যেশ্যনৰ আগেয়ে শেষ হোৱা টিফিনবোৰলৈ
ধূলিৰে পোত যোৱা বাধাহীন ভৰি দুখনলৈ
চাইকেলৰ দীঘল লানিৰে জিলিকোৱা ৰাস্তাটোলৈ
ট্যুশ্যনৰ ওৰেবাট টিলিঙা বজোৱা ৰাতিপুৱালৈ
শব্দেৰে সমাহৃত সন্ধিয়াৰ আলিবাটলৈ
আবেগৰ এসাগৰ কথাৰ চিঠিবোৰলৈ
শিব দৌলৰ পৰা শিবৰাত্ৰীৰ লানি নিছিগা মেলালৈ
পূজাৰ বতৰত বিৰ দি বাট নোপোৱা পেন্দেললৈ
দিনেনিশাই আখৰা কৰি প্ৰস্তুত হোৱা জেং বিহুলৈ
নতুন কাপোৰ আৰু বন্ধুৰ উপহাৰেৰে ভৰা জন্মদিনলৈ
কিতাপ কিনাৰ আশাৰে চাবলৈ যোৱা গ্ৰন্থমেলালৈ
টিংকল, সঁফুৰা আৰু মৌচাকৰ পৃষ্ঠাবোৰলৈ
বুঢ়ী আইৰ সাধু আৰু গ্ৰীমৰ সাধুবোৰলৈ
আশাৰে ৰৈ থকা দেওবাৰৰ মইনামেললৈ

Comments