নিবিৰ শাংকব চৌধুৰী, তুমি ভালে আছানে? চৌদিশে এতিয়া মাথোঁ বিয়াগোম দুখৰ ধ্বংসাৱশেষ, দ্বীপাকাৰ মনবোৰৰ জুখিব নোৱাৰা গধুৰ বিষাদ, উটি অহা মৰাশৰ চিৎকাৰ নৈখনৰ উদং বুকুত, মাটিয়ে বালিয়ে পিয়াপি দি ফুৰিছে আত্মাবোৰে, সিহঁতৰ মুক্তিৰ দুৱাৰ ৰূদ্ধ, খিৰিকীবোৰো বন্ধ। এটা অচিন বেমাৰে মুচৰি পেলাইছে মুখাবোৰ, এখন এখনকৈ সুলকি পৰিছে আবেগৰ পৰ্দা। ভালপোৱাৰ হুমুনিয়াহ পিৰালীৰ দাঁতিত নিথৰ যেন গচকি, ফালি চিৰাচিৰ কৰা কাগজৰ উকাবোৰ। তোমাৰ ঘৰৰ আগফাল এতিয়া বকুলময় নে? নে চোতালত মৰিশালীৰ শোক এতিয়াও বিৰাজমান? মৰমৰ চিতাখন কাহানিবাই জ্বলি চাৰখাৰ হ'ল। ভালপোৱাৰ ভাষাবোৰ তাতে জাহ গৈছিল চগাৰ দৰে। চহৰখন এতিয়া নিজম, চৰাইবোৰো ক'ৰবালৈ উৰি গ'ল চিগাৰেটৰ ধোঁৱাই এতিয়াও তোমাক ছাঁ দি আছেনে বাৰু? নে শুকান কাঠৰ দৰে শুকুৱাই নিছে ভিতৰখন? আকাশখন চাই থাকিবলৈ কৈছিলো, তুমি কিজানি পাহৰিলা। নীলাখিনি আজিও ভালপোৱানে তুমি সাগৰৰ দৰে? তোমাতেই বিলীন হৈ হেৰাই যাম বুলি কোৱা মনত আছেনে? কৰ্কশ চহৰখনত গাঁওখন নোপোৱা বুলি মই কৈছিলো। নে গাঁও বিচাৰি ওলাই গ'লা তুমি মোক নোকোৱাকৈয়ে? জানো, প্ৰশ্ন বেছি কৰিছো। উত্তৰৰ আশা নকৰোঁ মই। ভাল...
Scattered pieces of myriad emotions, some known and most unknown