Skip to main content

(6) এখন বজাৰ

সঁচাকৈ এখন বজাৰেই দেখোন, জোনে নিজেই নিজকে কোৱা প্ৰায়েই শুনে।একো নতুন কথা নহয়, যোৱা কেইমাহমানৰ পৰা তেনেকোৱাই লাগিছে তাইৰ।অফিচত সোমোৱাৰ লগে লগেই হুলস্থুল।ওপৰ মহলাৰ পৰা Sarahৰ হাঁহিৰ খিলিকনী তললৈকে আহিছে।জোনৰ সহকৰ্মী।তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে।দেউতাক স্থানীয় দক্ষীন ভাৰতীয় আৰু মাক স্থানীয় চীনা মানুহ।পিছে তাই বিয়া সোমাইছে এজন স্থানীয় মুছলমান মালয় মানুহলৈ।তেখেতৰ দ্বিতীয় পৰিবাৰ তাই।মুঠতে একেবাৰে মিশ্ৰিত পৰিয়াল তাইৰ।এই গোটেই দেশখনৰ ছবিখন তাইৰ এটা পৰিয়ালেই প্ৰদৰ্শন কৰিব পাৰে দেখোন।চল্লিশৰ ঊৰ্ধৰ এগৰাকী কথকী মহিলা।তাইৰ অনৰ্গল কথা যেন শেষেই নহব কেতিয়াও।এনেকোৱা খোচ মেজাজৰ মানুহ জোনে ভালপায়।অফিচৰ দুৱাৰমুখতে জোনৰ আগত হাজিৰ।হাতত ডাৰ ডাৰ দুটা টোপোলা।
“Fish curry!” কথাষাৰৰ লগতে Sarahৰ ডাৰ চকুকেইটা জিলিকি উঠিল।প্ৰায়েই তাই জোনলৈ খাবলৈ ঘৰৰ পৰা কিবাকিবি বনাই লৈ আহে।সদায়েই বুলি কব পাৰি।অন্তঃত এইকেইদিন সদায়েই লৈ আনিছে।কিয় বা...
Lunch বুলি বেলেগে খোৱাৰ প্ৰয়োজনেই নহ'ল সেইদিনা।বহুত পৰ একো নোকোৱাকৈ বহি আছে Sarah. কি বা হল আজি।পিছে কাৰণটো জানিবলৈ জোনৰ বেছি সময় নালাগিল। Sarahই লাহেকৈ ক'লে,
“I have to confess something, Jane.”
জোনে লগে লগেই বুজিলে কিবা এটা কৰিলে এই।শান্ত হৈ কথাবোৰ শুনি গল তাই। Sarahৰ কথাৰ সাৰমৰ্মখিনি এনেকোৱা।তাই বোলে জোনৰ কাৰণে লৰা এটা চাইছে।তাইৰে দূৰ সম্পৰ্কীয় ভায়েক হেনো।জোনৰ ফটো সিহতৰ ঘৰত দেখোৱাইছে বোলে, লৰাটোৰ মাকেও চাইছে।তাইক হেনো গুটেই পৰিয়ালটোৱে ইতিমধ্যেই পচন্দ কৰিছে।কিন্তু Sarahই এতিয়া ভাবিছে সি কিজানি জোনৰ কাৰণে ভাল নহব।জোনে কিজানি তেনেকোৱা লৰা পচন্দ নকৰিব।সেইকাৰণে তাই হেনো এতিয়া গুটেই কথাটো পাহৰি যাব।খং উঠা স্বত্তেও জোনে একো নকলে।এনেকোৱা যুক্তিহীন কথা জোনক আজিলৈকে কোনেও কোৱা নাই, মাক-দেউতাকৰ কথাতো বাদেই।তাইলৈ চাই মিচিকীয়াই হাঁহিলে মাথোন।এইকেইদিনৰ ভিতৰতে জোনে খুব ভালকৈয়ে বুজি উঠিল Sarahৰ তাইৰ অফিচলৈ সঘনাই অহাৰ কাৰণ।তাইৰ PhDৰ গৱেষণাৰ শেষ পৰ্য্যায়।গতিকে বাকী ৰৈ যোৱা correctionখিনিৰ কাৰণে জোনৰ অলপ সহায় লৈছে।অৱশ্যে জোনে বেয়া পোৱা নাই।গৱেষণাৰ কামত তাই সদায়েই interested, সেয়ে সহায় কৰাৰ লগতে নিজেও কিবা এটা নতুন শিকিবলৈ ভাল পায় তাই।পিছে তাৰ কাৰণে জোনলৈ এনেকৈ সদায় কিবাকিবি খাবলৈ বনাই নানিলেও হয় দেখোন।কিজানি তাইলৈ ভনীয়েক বুলি মৰমতে লৈ আহে Sarahয়ে।
এনেকোৱা প্ৰায় তিনিমাহমানলৈ চলি থাকিল।সেই একেই routine, লগতে Sarahৰ অন্তহীন কথা।দেউতাকৰ কঠুৰ শাসনত ডাৰ হোৱা চাৰিজনী ছোৱালী, আনকি এতিয়াও একেই শাসন।তাইৰ কষ্টবোৰ, মানসিক সংঘাতবোৰ, গিৰিয়েকৰ প্ৰথম পৰিবাৰৰ লগত হোৱা কাজিয়া আৰু যুক্তিযুক্ততাৰ অসহায় সময়বোৰ আৰু কিমান যে কথা।জোনৰ দেউতাকক হেনো লগ কৰিব তাই।তেনেকোৱা বহল মনৰ দেউতাক হেনো তাই দেখাই নাই।অৱশেষত Sarahৰ গৱেষণা শেষ হল।তাই thesis submit কৰিলে, final correction emailটো জোনৰ অফিচৰপৰাই পঠালে।সেইদিনাই জোনৰ অফিচত Sarahৰ শেষ দেখা...
ওপৰ মহলাৰপৰা আকৌ হাঁহিৰ খিলিকনী শুনা গল।Sarahৰ নতুন group আন পাঁচজন সহকৰ্মীৰ সৈতে।এতিয়া তাই আৰু জোনৰ অফিচলৈ নাহে।
“Sorry Jane dear, my new job is keeping me so occupied”, Sarahৰ কথা, “Let’s meet up someday soon.”
কিন্তু সেয়া বাস্তৱত সম্ভৱ হৈ নুঠিল।যোৱা দুবছৰে হৈ নুঠিল।নতুন groupৰ লগত Sarah যেন ব্যস্ত হৈ পৰিল।নতুন designation, administrative কাম আৰু নতুন দায়িত্বভাৰ, আনকি তাইৰ হাঁহিৰ সুৰটোও নতুন যেন লাগিল জোনৰ।এই সুৰ চিনি নাপায় জোনে।অকৃত্ৰিম হাঁহিটোৰ মাজত এতিয়া কৃত্ৰিমতাই ঘৰ পাতিছেহি যেন।এয়া অকল জোনৰ নহয়, Sarahক আগৰেপৰা ভালদৰে চিনি পোৱা সকলোৰে observation. কিজানি তাই আচলতে এনেকোৱাই, আত্মীয়তাৰ জোখমাখ কৰা, বজাৰৰ ভীৰৰ হুলস্থুলৰ সস্তীয়া আমেজত মিলি যোৱা বহুতৰ মাজৰ এজনী।পাহৰি গল Sarah সেই ভনীয়েকৰ কথা, তাইৰ অফিচত সদায় আহি কোৱা সেই আবেগিক কথাবোৰ।আজি জোনৰ অফিচত শেষ দিন।তাই এতিয়া সেই দেশেই এৰি যাব বেলেগ এটা চাকৰিলৈ, বেলেগ এখন দেশলৈ।Annphone আহিল।
“Please come to the main office, Dr Jane. Let’s have lunch together!”
আজি New Year lunch party, আচলতে জোনৰ farewell party দিছে তাইৰ সহকৰ্মী সকলোৱে মিলি।সুদীৰ্ঘ চাৰিটা বছৰ কেনেকৈ পাৰ হৈ গল জোনেও গমকে নাপালে।এতিয়া যে এৰি থৈ যাব লাগিব মৰমেৰে সজোৱা তাইৰ ঘৰটো, মুকলি আকাশৰ তলত জিৰণি লোৱা সেই সেউজীয়া পথাৰবোৰ, শাৰী শাৰীকৈ জীপাল হোৱা ৰাস্তাৰ দুয়োকাষৰ গছবোৰ, তাইৰ সহজ সৰল সহকৰ্মীবোৰ, Ann, Sarah আৰু যে কিমান নাম।কিন্তু Sarahৰ ছাঁটোও দেখিবলৈ নাই দেখোন।অৱশেষত তাইৰ বিদায় ভাষণ দিয়াৰ সময় আহিল।সকলো যেন আবেগিক হৈ পৰিল।Goodbye কবলৈ বেয়া পায় জোনে।তথাপি চমুকৈ দুআষাৰ নুকোৱাকৈ তাইক যাবলৈ নিদিলে সিহঁতে।চকুবোৰ চলচলীয়া সকলোৰে।কিন্তু Sarah নাই।তাইক সৰু ভনীয়েকৰ নিচিনাকৈ মৰম কৰে বুলি ভবা Sarahজনী নাই।
“I think she is out for an urgent meeting with the VC” Annয়ে কলে।
আবেলিটো জোনে অফিচৰ বস্তুবোৰ গত লগাওতেই গল।Sarahৰ এতিয়ালৈকে একো সাৰসুৰ নাই।Work hour শেষ হোৱাৰ পিছত জোন নামি আহিল তললৈ।যোৱাৰ আগত শেষবাৰৰ বাবে মাত লগাই যাঁও বুলি তাই থিয় হৈ ৰ'ল Sarahৰ অফিচৰ দুৱাৰদলিত।নাই, এতিয়াও কোনো শব্দ নাই।সমুখৰ ৰুমৰ পৰা তাইৰ Personal Assistantজনীয়ে ঈঙ্গীতেৰে ক'লে ব্যস্ত বুলি।Biometricটো press কৰাৰ সময়তে ঠিক ওপৰ মহলাৰ পৰা ভাঁহি আহিল সেই চিনাকী মাত – হাঁহিৰ ৰোল।সেই একেই হাঁহিৰ খিলিকনী, Sarahৰ।বজাৰৰ সেই হুলস্থুল।তাই চিনি পোৱা Sarahজনী তাতেই কৰবাত হেৰাল।জোনে মিচিকীয়াই হাঁহিলে নিজকে শুনাই, অলপমান দুখ লুকাই আছিল কিজানি তাত।

Comments

Popular posts from this blog

Clips of Emotions

Clip 1: The Ocean The ocean is calm and quiet. The shades of blue are clearly visible even from afar. The occasional noises are of the speed boats whooshing every now and then along with the sea planes. Finally, I got to be on the swing I have been eyeing since Day 1 of my Maldives trip. A fisherman hunk is busy getting the blue fish that intrigued my curiosity and amazement to the core. He showed me his catch, got 5 big ones so far. The huge cargo ships are the only ones stagnant. And the hunk's impressive hat swung from one corner to the other along with the breeze. Clip 2: The Night I am sitting by the Rasfannu beach again. But it's 9.45 at night. The whole of Male city is a sprawling party site at night. The roads at night are more crowded with much more traffic than during daytime. The speed boats are moving normally even at this odd hour. The barbecue spots by the beach are now occupied with grilled fish. I can smell all of it in the air. The night comes alive with ...

Two Different Faces

As I am about to pen the two different faces, I can clearly visualize them in my mind. Their faces remained very prominent in my heart. These faces belong to two mothers - two very different mothers from different cultures, societies and times. But both faces portray a common entity - the image of a mother. They portray two different worlds, two different extremities. And I respect them with all my heart and soul. The first face is that of a young mother in her late 20s. This was way back in the 1980s. She is my mother. I was maybe around 7 or 8 at that time. We two were on a short trip to my maternal uncle's place. We stayed there for just two days and with a heavy heart I had to accept my mother's decision to return home. Heavy heart because I always liked the idea of visiting my cousins there (they are my favorite cousins after all) and staying with them as long as possible. Any stay there was never enough for us to be done playing with. So my cousins and I would start ...

He: Excerpts from Faded Diary Pages (2)

An autumn afternoon maybe: She has no clue why she feels exactly the same way she used to feel when she felt. Not a thing about it has changed at all. Why would she have this emotional attack every now and then? No, she is not blaming him or anything as such, not even her own self. But she really wants to know why it is how it is right now. It is indeed suffocating something inside her. Is it felt across with the same intensity as well? She needs to know because it can't just happen to her alone, she believes strongly about it. There has to be something mutual. It can't be nothing in vain. She saw an angular picture with a professional camera focusing on something, or someone maybe. She could feel those hands. She could feel the gentle strikes of those fingers. She could feel that touch. She could feel that feeling. Why wouldn't it fade away into oblivion? There is pure negligence and intentional indifference, or maybe natural. Yet that feeling doesn't just die. What w...