সঁচাকৈ
এখন বজাৰেই দেখোন, জোনে নিজেই নিজকে কোৱা প্ৰায়েই শুনে।একো নতুন কথা নহয়, যোৱা
কেইমাহমানৰ পৰা তেনেকোৱাই লাগিছে তাইৰ।অফিচত সোমোৱাৰ লগে লগেই হুলস্থুল।ওপৰ মহলাৰ
পৰা Sarahৰ হাঁহিৰ খিলিকনী তললৈকে আহিছে।জোনৰ
সহকৰ্মী।তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে।দেউতাক স্থানীয় দক্ষীন ভাৰতীয় আৰু মাক
স্থানীয় চীনা মানুহ।পিছে তাই বিয়া সোমাইছে এজন স্থানীয় মুছলমান মালয়
মানুহলৈ।তেখেতৰ দ্বিতীয় পৰিবাৰ তাই।মুঠতে একেবাৰে মিশ্ৰিত পৰিয়াল তাইৰ।এই গোটেই
দেশখনৰ ছবিখন তাইৰ এটা পৰিয়ালেই প্ৰদৰ্শন কৰিব পাৰে দেখোন।চল্লিশৰ ঊৰ্ধৰ এগৰাকী
কথকী মহিলা।তাইৰ অনৰ্গল কথা যেন শেষেই নহব কেতিয়াও।এনেকোৱা খোচ মেজাজৰ মানুহ জোনে ভালপায়।অফিচৰ
দুৱাৰমুখতে জোনৰ আগত হাজিৰ।হাতত ডাঙৰ ডাঙৰ
দুটা টোপোলা।
“Fish
curry!” কথাষাৰৰ লগতে Sarahৰ ডাঙৰ চকুকেইটা জিলিকি উঠিল।প্ৰায়েই তাই জোনলৈ খাবলৈ ঘৰৰ পৰা
কিবাকিবি বনাই লৈ আহে।সদায়েই বুলি কব পাৰি।অন্তঃত এইকেইদিন সদায়েই লৈ আনিছে।কিয়
বা...
Lunch বুলি
বেলেগে খোৱাৰ প্ৰয়োজনেই নহ'ল সেইদিনা।বহুত পৰ একো নোকোৱাকৈ বহি আছে Sarah. কি বা
হ’ল আজি।পিছে কাৰণটো জানিবলৈ জোনৰ বেছি সময় নালাগিল। Sarahই
লাহেকৈ ক'লে,
“I have to
confess something, Jane.”
জোনে
লগে লগেই বুজিলে কিবা এটা কৰিলে এই।শান্ত হৈ কথাবোৰ শুনি গ’ল তাই। Sarahৰ
কথাৰ সাৰমৰ্মখিনি এনেকোৱা।তাই বোলে জোনৰ কাৰণে লৰা এটা চাইছে।তাইৰে দূৰ সম্পৰ্কীয় ভায়েক
হেনো।জোনৰ ফটো সিহতৰ ঘৰত দেখোৱাইছে বোলে, লৰাটোৰ মাকেও চাইছে।তাইক হেনো গুটেই
পৰিয়ালটোৱে ইতিমধ্যেই পচন্দ কৰিছে।কিন্তু Sarahই
এতিয়া ভাবিছে সি কিজানি জোনৰ কাৰণে ভাল নহব।জোনে কিজানি তেনেকোৱা লৰা পচন্দ
নকৰিব।সেইকাৰণে তাই হেনো এতিয়া গুটেই কথাটো পাহৰি যাব।খং উঠা স্বত্তেও জোনে একো নকলে।এনেকোৱা যুক্তিহীন কথা জোনক আজিলৈকে কোনেও কোৱা নাই, মাক-দেউতাকৰ কথাতো বাদেই।তাইলৈ চাই
মিচিকীয়াই হাঁহিলে মাথোন।এইকেইদিনৰ ভিতৰতে জোনে খুব ভালকৈয়ে বুজি উঠিল Sarahৰ
তাইৰ অফিচলৈ সঘনাই অহাৰ কাৰণ।তাইৰ PhDৰ গৱেষণাৰ শেষ পৰ্য্যায়।গতিকে
বাকী ৰৈ যোৱা correctionখিনিৰ কাৰণে জোনৰ অলপ সহায় লৈছে।অৱশ্যে জোনে
বেয়া পোৱা নাই।গৱেষণাৰ কামত তাই সদায়েই interested, সেয়ে
সহায় কৰাৰ লগতে নিজেও কিবা এটা নতুন শিকিবলৈ ভাল পায় তাই।পিছে তাৰ কাৰণে জোনলৈ
এনেকৈ সদায় কিবাকিবি খাবলৈ বনাই নানিলেও হয় দেখোন।কিজানি তাইলৈ ভনীয়েক বুলি মৰমতে
লৈ আহে Sarahয়ে।
এনেকোৱা
প্ৰায় তিনিমাহমানলৈ চলি থাকিল।সেই একেই routine, লগতে Sarahৰ
অন্তহীন কথা।দেউতাকৰ কঠুৰ শাসনত ডাঙৰ হোৱা চাৰিজনী ছোৱালী, আনকি
এতিয়াও একেই শাসন।তাইৰ কষ্টবোৰ, মানসিক সংঘাতবোৰ, গিৰিয়েকৰ প্ৰথম পৰিবাৰৰ লগত হোৱা কাজিয়া আৰু যুক্তিযুক্ততাৰ অসহায় সময়বোৰ আৰু কিমান যে কথা।জোনৰ দেউতাকক
হেনো লগ কৰিব তাই।তেনেকোৱা বহল মনৰ দেউতাক হেনো তাই দেখাই নাই।অৱশেষত Sarahৰ গৱেষণা শেষ হ’ল।তাই thesis submit
কৰিলে, final correctionৰ emailটো
জোনৰ অফিচৰপৰাই পঠালে।সেইদিনাই জোনৰ অফিচত Sarahৰ শেষ
দেখা...
ওপৰ
মহলাৰপৰা আকৌ হাঁহিৰ খিলিকনী শুনা গ’ল।Sarahৰ নতুন
group আন পাঁচজন সহকৰ্মীৰ সৈতে।এতিয়া তাই আৰু জোনৰ অফিচলৈ
নাহে।
“Sorry
Jane dear, my new job is keeping me so occupied”, Sarahৰ
কথা, “Let’s meet up someday soon.”
কিন্তু
সেয়া বাস্তৱত সম্ভৱ হৈ নুঠিল।যোৱা দুবছৰে হৈ নুঠিল।নতুন groupৰ লগত Sarah যেন ব্যস্ত হৈ পৰিল।নতুন designation, administrative কাম আৰু নতুন দায়িত্বভাৰ, আনকি তাইৰ হাঁহিৰ সুৰটোও নতুন যেন লাগিল জোনৰ।এই সুৰ চিনি নাপায় জোনে।অকৃত্ৰিম হাঁহিটোৰ মাজত এতিয়া কৃত্ৰিমতাই ঘৰ পাতিছেহি যেন।এয়া অকল জোনৰ নহয়, Sarahক আগৰেপৰা ভালদৰে চিনি পোৱা সকলোৰে observation. কিজানি তাই আচলতে এনেকোৱাই, আত্মীয়তাৰ জোখমাখ কৰা, বজাৰৰ ভীৰৰ হুলস্থুলৰ সস্তীয়া আমেজত মিলি যোৱা বহুতৰ মাজৰ এজনী।পাহৰি গ’ল Sarahই সেই
ভনীয়েকৰ কথা, তাইৰ অফিচত সদায় আহি কোৱা সেই আবেগিক কথাবোৰ।আজি জোনৰ অফিচত শেষ দিন।তাই এতিয়া সেই দেশেই এৰি যাব বেলেগ এটা
চাকৰিলৈ, বেলেগ এখন দেশলৈ।Annৰ phone
আহিল।
“Please
come to the main office, Dr Jane. Let’s have lunch together!”
আজি New Year
lunch party, আচলতে জোনৰ farewell party দিছে
তাইৰ সহকৰ্মী সকলোৱে মিলি।সুদীৰ্ঘ চাৰিটা বছৰ কেনেকৈ পাৰ হৈ গ’ল জোনেও
গমকে নাপালে।এতিয়া যে এৰি থৈ যাব লাগিব মৰমেৰে সজোৱা তাইৰ ঘৰটো, মুকলি আকাশৰ তলত
জিৰণি লোৱা সেই সেউজীয়া পথাৰবোৰ, শাৰী শাৰীকৈ জীপাল হোৱা ৰাস্তাৰ দুয়োকাষৰ গছবোৰ,
তাইৰ সহজ সৰল সহকৰ্মীবোৰ, Ann, Sarah আৰু
যে কিমান নাম।কিন্তু Sarahৰ ছাঁটোও দেখিবলৈ নাই দেখোন।অৱশেষত তাইৰ বিদায়
ভাষণ দিয়াৰ সময় আহিল।সকলো যেন আবেগিক হৈ পৰিল।Goodbye কবলৈ
বেয়া পায় জোনে।তথাপি চমুকৈ দুআষাৰ নুকোৱাকৈ তাইক যাবলৈ নিদিলে সিহঁতে।চকুবোৰ
চলচলীয়া সকলোৰে।কিন্তু Sarah নাই।তাইক
সৰু ভনীয়েকৰ নিচিনাকৈ মৰম কৰে বুলি ভবা Sarahজনী নাই।
“I think
she is out for an urgent meeting with the VC” Annয়ে ক’লে।
আবেলিটো
জোনে অফিচৰ বস্তুবোৰ গত লগাওতেই গ’ল।Sarahৰ এতিয়ালৈকে একো
সাৰসুৰ নাই।Work hour শেষ
হোৱাৰ পিছত জোন নামি আহিল তললৈ।যোৱাৰ আগত শেষবাৰৰ বাবে মাত লগাই যাঁও বুলি তাই থিয় হৈ ৰ'ল Sarahৰ অফিচৰ দুৱাৰদলিত।নাই, এতিয়াও কোনো শব্দ নাই।সমুখৰ ৰুমৰ পৰা তাইৰ Personal Assistantজনীয়ে ঈঙ্গীতেৰে ক'লে ব্যস্ত বুলি।Biometricটো press কৰাৰ
সময়তে ঠিক ওপৰ মহলাৰ পৰা ভাঁহি আহিল সেই চিনাকী মাত – হাঁহিৰ ৰোল।সেই একেই হাঁহিৰ
খিলিকনী, Sarahৰ।বজাৰৰ সেই হুলস্থুল।তাই চিনি পোৱা Sarahজনী তাতেই
ক’ৰবাত হেৰাল।জোনে মিচিকীয়াই হাঁহিলে নিজকে শুনাই, অলপমান দুখ লুকাই
আছিল কিজানি তাত।
Comments