জোনৰ গা ড়ী শিকা আৰম্ভ হ ' ল। তাকো একেবাৰে সেই সেউজীয়া বননীৰ একাবেকা highway টোত। মন যথেষ্ট strict trainer. কিন্তু জোন খুব dedicated learner. “ তই কিছু সোনকালে শিকিছ। এতিয়া সময় হৈছে। ” “ সময় মানে ? কিহৰ সময় ?” “ কাইলৈ কম। শনিবাৰ বুলি এলাহ কৰাৰ কথা নাভাবিবি। মই ৰাতিপোৱা আহিম। Ready হৈ থাকিবি। ” জোনে বুজি নাপাই কিবা এটা সোধাৰ আগতেই মনে আকৌ ক ’ লে , “Penang যাম ৰাতিপোৱাই। ৰোহনৰ গা ড়ী ত। ” তাৰমানে ফৰিদাও আহিব। জোনৰ ভাবিয়ে মনটো ভাল লাগি গ ’ ল। ইমান মাহৰ পিছত প্ৰথমবাৰ weekend getaway. হিমাছলৰ weekly trip বোৰৰ কথা মনত পৰি গ ’ ল। Triund ৰ পাহাৰৰ চকুৰে যেনেতেনে ঢুকি পোৱা শিখৰত থকা সেই সৰু মন্দিৰটো, পুৰ্ণিমাৰ ৰাতি আচৰিতভাৱে জিলিকি থকা শুকুলা Moon peak আৰু তাইৰ tent ৰ কিনাৰত মনে মনে চৰি থকা ঘোঁৰাটো, Old Manali ৰ পৰা অলপ আগলৈ গৈ discover কৰা calendar ৰ photo ৰ নিচিনা জুৰিটো, Parvati Valley ৰ ওপৰেৰে উৰি ফুৰা সেই ভগৱানৰ অৱতাৰৰ নিচিনা ডাৱৰবোৰ। নেদেখিলে কাৰো বিশ্বাসেই নহ ’ ব। কিজানি অকল জোনেহে দেখিছিল সেই ডাৱৰবোৰ, সেই অদ্ভুত আকাশখন। আচৰিত, সঁচাই আচৰিত। ৰাতিপোৱাই ৰোহনৰ গা ড়ী ...
Scattered pieces of myriad emotions, some known and most unknown