Skip to main content

Posts

Showing posts from June, 2019

(4) মাৰ্মেইদৰ সাগৰ তীৰত

জোনৰ গা ড়ী  শিকা আৰম্ভ হ ' ল। তাকো একেবাৰে সেই সেউজীয়া বননীৰ একাবেকা highway টোত। মন যথেষ্ট strict trainer. কিন্তু জোন খুব dedicated learner. “ তই কিছু সোনকালে শিকিছ। এতিয়া সময় হৈছে। ” “ সময় মানে ? কিহৰ সময় ?” “ কাইলৈ কম। শনিবাৰ বুলি এলাহ কৰাৰ কথা নাভাবিবি। মই ৰাতিপোৱা আহিম। Ready হৈ থাকিবি। ” জোনে বুজি নাপাই কিবা এটা সোধাৰ আগতেই মনে আকৌ ক ’ লে , “Penang যাম ৰাতিপোৱাই। ৰোহনৰ গা ড়ী ত। ” তাৰমানে ফৰিদাও আহিব। জোনৰ ভাবিয়ে মনটো ভাল লাগি গ ’ ল। ইমান মাহৰ পিছত প্ৰথমবাৰ weekend getaway. হিমাছলৰ weekly trip বোৰৰ কথা মনত পৰি গ ’ ল। Triund ৰ পাহাৰৰ চকুৰে যেনেতেনে ঢুকি পোৱা শিখৰত থকা সেই সৰু মন্দিৰটো, পুৰ্ণিমাৰ ৰাতি আচৰিতভাৱে জিলিকি থকা শুকুলা Moon peak আৰু তাইৰ tent ৰ কিনাৰত মনে মনে চৰি থকা ঘোঁৰাটো, Old Manali ৰ পৰা অলপ আগলৈ গৈ discover কৰা calendar ৰ photo ৰ নিচিনা জুৰিটো, Parvati Valley ৰ ওপৰেৰে উৰি ফুৰা সেই ভগৱানৰ অৱতাৰৰ নিচিনা ডাৱৰবোৰ। নেদেখিলে কাৰো বিশ্বাসেই নহ ’ ব। কিজানি অকল জোনেহে দেখিছিল সেই ডাৱৰবোৰ, সেই অদ্ভুত আকাশখন। আচৰিত, সঁচাই আচৰিত। ৰাতিপোৱাই ৰোহনৰ গা ড়ী ...

(3) বৰ্ডাৰলৈ কিমান দুৰ

নতুন semester আৰম্ভ হ ' বলৈ এতিয়াও প্ৰায় দুমাহ বাকী। জোনৰ কাম তেনেকৈ নায়েই। অকল ৮-৫ বজাৰ ভিতৰত office ত থাকিব লাগে। কিন্তু Director এ তাইক ওচৰে-পাজৰে ফুৰাবলৈ লৈ যাবলৈ ৱাহিদাক কৈ থৈছে। ৱাহিদা জোনৰ colleague, মালয় ভাষাৰ অধ্যাপিকা। পিছে তাই এইকেইদিন অলপ ব্যস্ত। মন আহি জোনক তাৰ university campus দেখুৱাবলৈ লৈ গ ' ল। খুব ধুনীয়া আৰু সেউজীয়া campus. Lunch কৰাৰ পিছত সি কাৰোবাক phone কৰি মাতিলে। অলপ পিছত এজন মানুহ আহি ছাবি এটা মনক দি গ ' ল। জোনক দুৰৰ পৰাই হাত জোকাৰি গ ' ল। তাই কিবা এটা কোৱাৰ আগতেই মনে তাইৰ হাতত ধৰি বাহিৰলৈ লৈ গ ' ল। “ ল ' এইটো ছাবি। এইখন তোৰ নতুন গা ড়ী । নিজৰ এখন নোহোৱালৈকে এইখনেৰেই কাম চলা আৰু। ” জোনে প্ৰশ্নবোধক চাৱনীৰে চোৱাত মনে আকৌ ক ' লে, “ কেনেকে চলাবি তাৰ চিন্তা এৰ। শিকাবলে মই আছোৱে দেখোন। Driver ও ময়েই হৈ থাকিম তই নিজে নচলোৱালৈকে। ” আচলতে গা ড়ী  কিনা আৰু চলোৱাটো ইয়াত একো ডাঙৰ কথা নহয়। In fact, it’s a basic need. ৰাস্তাত খোজ ক ঢ়া   মানুহ আৰু public transport একেবাৰে নোহোৱাৰ সমান। গতিকে গা ড়ী  কিনা, শিকা আৰু চলোৱাটো এতিয়া জোনৰ কাৰণে আটাই...

(2) ভাৰাঘৰ নে ঘৰ

University guesthouse ৰ সেই বিশাল apartment ৰ অকলশৰীয়া অতিথি হৈ দুটা সপ্তাহ কেনেকৈ বৰষুণৰ টোপালবোৰ হিচাপ কৰোঁতেই পাৰ হৈ গ ' ল জোনে গমেই নাপালে। তৰাৰে জিলিকা মুকলি আকাশ, ধূলিৰ নামমাত্ৰও চিন নথকা আহল-বহল ৰাস্তাবোৰ। দিল্লীৰ পোন্ধৰবছৰীয়া ব্যস্ততা, ভীৰ আৰু কোলাহলৰ একেবাৰে বিপৰীত। নিঃশব্দ, গা ড়ী ৰ horn বিহীন ৰাস্তাবোৰ। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰা টান এবাৰো horn নামাৰাকৈ কেনেকৈ গা ড়ী বোৰ লানি নিচিগাকৈ গৈ থাকে। দিল্লীৰ road rage ৰ কথা ইয়াত কোনেও বুজিয়েই নাপাব কিজানি। চাৰিওকাষে ইয়াত অকল চকু আৰু মন শাঁত পেলোৱা সেউজীয়াবোৰ। আৰু তাৰ মাজত এটা মৰমলগা সৰু ঘৰ। “It’s nice to finally meet you in person, Jane.” Linda নামৰ মৰমলগা Chinese ছোৱালীজনী জোনৰ apartment ৰ প্ৰথম আলহী। তাই মনৰ লগত আহিছিল। মন জোনৰ কুম্ভমেলাত হেৰাই যোৱা এশ এবছৰীয়া পুৰণা বন্ধু। অন্তঃত সি তাৰ চিনাকী তেনেকৈয়ে দিবলৈ ভাল পায়। “Oh yes, so nice to meet you too Linda. How are you?” সেইদিনা ৰাতি জোনৰ দিল্লীৰ ভাৰাঘৰৰ শেষ party টোলৈ মনত পৰি গ ' ল। পুৰণা ভাৰাতীয়া, নতুন বন্ধু, পুৰণা বন্ধু আৰু কিছুমান নতুন-পুৰণা কথা। Apartme...

(1) এখন নেদেখা নদী

দুৰৰ পৰাই নিজৰ নামটো placard ত জিলিকি থকা দেখি জোনৰ মনটো ভাল লাগি গ ' ল। অন্তঃত তাইক receive কৰিবলৈ   কোনোবা আহিছে।   নিজৰ নামটোকে প ঢ়ি   প ঢ়ি তাই placard লৈ ৰৈ থকা মানুহজনৰ ওচৰ পালেগৈ। অলপ বয়স হোৱা যেন লাগিছে যদিও অনুমান কৰা টান। “Dr Jane?” মানুহজনৰ গহীন মাত। “Yes, that is me I suppose.” উত্তৰটো দিওঁতে অলপ হাঁহি উঠিছিল যদিও control কৰিলে তাই। Placard ত Junjiri Hadhonidar বুলি স্পষ্টকৈ লিখা আছে যদিও তাইৰ নামটো সাধাৰণতে বাহিৰৰ মানুহে এনেকৈয়ে pronounce কৰে দেখোন। বাহিৰৰ conference বোৰত তাইক সদায় Jane বুলিয়ে মাতে। নামটো শুনিবলৈও ভালেই লাগে দেখোন। “I am John. Hope you had a pleasant flight.” গহীন মাতটো শুনি জোন চক খাই উঠিল। তাইৰ luggage টো লৈ মানুহজন খৰখোজেৰে আগুৱাই গ ' ল। তাই মানুহজনৰ পিছে পিছে গৈ গা ড় ীত উঠিল। চাৰি ঘন্টাৰ nonstop flight ৰ পিছত এক ঘন্টামানৰ কাৰণে আকৌ এখনত উঠি ইয়ালৈ আহি আধা ঘন্টামান ৰৈ থকাৰ পিছতহে গহীন মাতৰ, মানে John ৰ আবিৰ্ভাব। গতিকে গাড় ীত বহিয়েই জোনৰ ভাগৰুৱা চকু জাপ খালে। কিমান সময় শুলে মনত নাই কিন্তু গা ড় ীখন হঠাতে ৰৈ যোৱাত তাই সাৰ পাই চক...