Skip to main content

(2) ভাৰাঘৰ নে ঘৰ


University guesthouseৰ সেই বিশাল apartmentৰ অকলশৰীয়া অতিথি হৈ দুটা সপ্তাহ কেনেকৈ বৰষুণৰ টোপালবোৰ হিচাপ কৰোঁতেই পাৰ হৈ 'ল জোনে গমেই নাপালে। তৰাৰে জিলিকা মুকলি আকাশ, ধূলিৰ নামমাত্ৰও চিন নথকা আহল-বহল ৰাস্তাবোৰ। দিল্লীৰ পোন্ধৰবছৰীয়া ব্যস্ততা, ভীৰ আৰু কোলাহলৰ একেবাৰে বিপৰীত। নিঃশব্দ, গাড়ীhornবিহীন ৰাস্তাবোৰ। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰা টান এবাৰো horn নামাৰাকৈ কেনেকৈ গাড়ীবোৰ লানি নিচিগাকৈ গৈ থাকে। দিল্লীৰ road rage কথা ইয়াত কোনেও বুজিয়েই নাপাব কিজানি। চাৰিওকাষে ইয়াত অকল চকু আৰু মন শাঁত পেলোৱা সেউজীয়াবোৰ। আৰু তাৰ মাজত এটা মৰমলগা সৰু ঘৰ।
“It’s nice to finally meet you in person, Jane.” Linda নামৰ মৰমলগা Chinese ছোৱালীজনী জোনৰ apartmentৰ প্ৰথম আলহী। তাই মনৰ লগত আহিছিল। মন জোনৰ কুম্ভমেলাত হেৰাই যোৱা এশ এবছৰীয়া পুৰণা বন্ধু। অন্তঃত সি তাৰ চিনাকী তেনেকৈয়ে দিবলৈ ভাল পায়।
“Oh yes, so nice to meet you too Linda. How are you?”
সেইদিনা ৰাতি জোনৰ দিল্লীৰ ভাৰাঘৰৰ শেষ partyটোলৈ মনত পৰি 'ল। পুৰণা ভাৰাতীয়া, নতুন বন্ধু, পুৰণা বন্ধু আৰু কিছুমান নতুন-পুৰণা কথা।
Apartmentfree Wi-Fiত জোনে ভাৰাঘৰ বিচৰা আৰম্ভ কৰিলে। ভাৰাঘৰক ঘৰলৈ বদলি কৰাটো জোনৰ বহুত ভাল লগা কামৰ এটা। Netত বিচাৰি পোৱা ঘৰকেইটাৰ এটা final কৰিবলৈ মনে নিজে জোনক লৈ 'ল। এটা ঘৰ literally বিয়াগোম double-storeyed, অকলশৰীয়া ছোৱালী এজনীৰ কাৰণে যথেস্ট ডাঙৰ। সপ্তাহৰ বেচিভাগ সময় দেখোন তল-ওপৰ কৰি ঘৰ চফা কৰোতেই যাব জোনৰ। আন এটাৰ মালিকনীৰ কিজানি চশ্মাৰ নম্বৰ সলনি কৰাৰ সময় আহিল। জোনক মানুহজনীয়ে কি ভাবি জানো সুধিলে, “Where is your son studying?”
মানে মন তাইৰ কলেজীয়া পুতেক বুলি মানুহজনী একেবাৰে confident. মনে পিছে মানুহজনীৰ statementটো জীৱনৰ পৰম সত্য বুলি মানি ললে।
এটা ঘৰ জোনৰ ভাল লাগিল। দাম কম আৰু ভাল location. তাই মালিকলৈ WhatsApp message পঠালে। পিছে ঘৰটো দুদিন আগতে book হৈ 'ল। অলপ পিছত মালিকৰ আকৌ WhatsApp message আহিল এটা নতুন ঘৰৰ কেইখনমান নতুন photoৰ সৈতে। পিছদিনাই জোনে মনৰ লগত ঘৰটো চাবলৈ 'ল। সেই মালিকজনৰ বায়েকৰ ঘৰ। Corner lot, spacious আৰু ভাল ভাল লগা feeling, vibe. মালিকনী আহিল অলপ পিছত, ঘৰ final হৈ 'ল আৰু তাৰ পিছৰ দিনৰ পৰা জোনৰ নতুন ঠিকনা। এটা সেউজীয়া ঠিকনা।
“It’s party time!” Lindaৰ কাৰণে জোনৰ ঘৰটো typical hostel lifeৰ পৰা এটা ভাল লগা আমেদজনক break.
নতুন ঘৰৰ এমাহৰ ভিতৰত জোনৰ নতুন বন্ধুৰ সমাগম আৰম্ভ 'ল। নতুন বন্ধু, নতুন কোলাহল, নতুন জীৱন। After all, it’s her birth month. ভাল লগা কথাবোৰ এনেকৈয়ে আৰম্ভ হয় কিজানি। Midnight হওঁতেই মনৰ phone আহিল, তাইৰ ঘৰৰ গেটতে হেনো তাইৰ birthday gift আছে।দুৱাৰ খুলিয়েই দেখে মন গেটৰ বাহিৰত। পিছে পিছে ছয়খন নতুন মুখ।
“Happy Birthday Jane!” সমস্বৰে ইমান দিনৰ পিছত কোনোবাই জোনক birthday wish কৰিলে। মনে তাইক লাহেকৈ 'লে, একদম পাকিস্তানৰ পৰা লৈ আহিছো।
প্ৰথমখন ধুনীয়া নতুন মুখে হাঁহি হাঁহি তাইক সাৱটি আকৌ 'লে, “Happy birthday Jane!”
মুহুৰ্ততে dining tableখন cake, coke আৰু বিৰিয়ানীৰে ভৰি 'ল। পিছফালৰ পৰা নতুন chorus সমস্বৰে, “We want cake! We want cake!”
জোনে বুজি পালে তাইৰ ভাৰাঘৰটো এতিয়া ঘৰলৈ সলনি 'ল।

Comments

Popular posts from this blog

The Vision

Everyone or most people have a bigger vision of the world in their mind. Right from childhood. Particularly children. As a kid, I too used to have a bigger vision of each and every thing I came across. Like the bamboo forest next to my grandparents' in our ancestral village. The forest was next to the river which passed by our house. Ours was the last house of the village and by the river. The forest seemed like a never-ending green, dark and damp wonderland with imaginary ghosts, fairies and witches as in the stories as I would hear from my grandmother. There was a weird sound of crackling bamboo whenever a breeze passed by. Or like the water-body in the backyard of our ancestral house where I used to row the boat - my boat - taking in all my young cousins. That moment I used to feel on top of the world sailing a boat, taking care of lives I am responsible for saving. The water-body felt like a sea. I could see water everywhere till my eyes could figure out around me. As I gr...

Reply to a Judgmental Stranger

Dear Mr. Stranger, Thank you for your words. As for records, I am just an ordinary, simple girl who sincerely believes in the honesty of feelings and tries to understand the practicality of life. I won't say I don't expect, because we humans can't even breathe in a puff of air without expectations in order to live what we call life. I value relations with sincerity and a strong sense of responsibility. For me, the most important investment is love. My life revolves around it. The most significant relation in my life is friendship, and I take sincere pride in the fact that I am fortunate to have earned some of the most trustful friends in life. So losing any of them will be the dumbest thing on my part. Now coming to your words, I'm grateful again for your advice. And I would say I would love to know you more. If you can't find me on Facebook, then you can give me your complete name and I would add you. That would be my pleasure to have you as a friend. Rest as I h...

How I felt when I felt (1): The champagne encounter

It's not the happily-ever-afters that bring magic but the trail of feelings that keeps coming back in the form of different encounters with different faces, binding stories after stories of the purest of feelings which are otherwise next to impossible for words to express. For me, that's the notion of a 'Hallmark romance'. For I know how I felt when I felt and it lives on forever without a pause or gap. In this series of shorter stories, I deeply wish to share some of those extraordinary encounters of forever young memories of how I felt when I felt. It was a winter evening. All the roads were beginning to be covered with more frequent snowfall. I was sitting alone, my feet relaxing on top of each other and my eyes fixated at the snowy window. Suddenly, the doorbell rang. I opened it to find the new self-announced friend standing right there. He stood there with a bottle of champagne and a bag of chocolate balls. I guess he had bought them in the super-mart and headed...