নতুন semester আৰম্ভ
হ'বলৈ এতিয়াও
প্ৰায় দুমাহ বাকী। জোনৰ কাম তেনেকৈ নায়েই। অকল ৮-৫ বজাৰ ভিতৰত officeত
থাকিব লাগে। কিন্তু Directorএ তাইক ওচৰে-পাজৰে ফুৰাবলৈ লৈ যাবলৈ ৱাহিদাক কৈ
থৈছে। ৱাহিদা জোনৰ colleague, মালয় ভাষাৰ অধ্যাপিকা। পিছে তাই এইকেইদিন অলপ
ব্যস্ত। মন আহি জোনক তাৰ university campus দেখুৱাবলৈ
লৈ গ'ল।
খুব ধুনীয়া আৰু সেউজীয়া campus. Lunch কৰাৰ
পিছত সি কাৰোবাক phone কৰি মাতিলে। অলপ পিছত এজন মানুহ আহি ছাবি এটা
মনক দি গ'ল। জোনক
দুৰৰ পৰাই হাত জোকাৰি গ'ল। তাই
কিবা এটা কোৱাৰ আগতেই মনে তাইৰ হাতত ধৰি বাহিৰলৈ লৈ গ'ল।
“ল' এইটো ছাবি। এইখন তোৰ নতুন গাড়ী। নিজৰ এখন নোহোৱালৈকে এইখনেৰেই কাম চলা আৰু।”
জোনে
প্ৰশ্নবোধক চাৱনীৰে চোৱাত মনে আকৌ ক'লে, “কেনেকে
চলাবি তাৰ চিন্তা এৰ। শিকাবলে মই আছোৱে দেখোন। Driverও
ময়েই হৈ থাকিম তই নিজে নচলোৱালৈকে।”
আচলতে
গাড়ী কিনা আৰু চলোৱাটো ইয়াত একো ডাঙৰ কথা নহয়। In fact,
it’s a basic need. ৰাস্তাত খোজ কঢ়া মানুহ
আৰু public transport একেবাৰে নোহোৱাৰ সমান। গতিকে গাড়ী কিনা, শিকা আৰু চলোৱাটো এতিয়া জোনৰ কাৰণে আটাইতকৈ দৰকাৰী।
অত্যন্ত দৰকাৰী।
“Dr Jane, will
you be available today for an early lunch?”
ৱাহিদাই ৰাতিপোৱাই জোনক লগ ধৰি সুধিলে।
“Sure dear.
Where are we going?”
“Oh, to Padang
Besar. How about going for a little shopping there for your new place?”
জোনে
ৱাহিদাৰ লগত planটো আলোচনা কৰিলে আৰু lunch timeত parking
areaলৈ গ'ল। ৱাহিদা
তাইৰ কাৰণে ৰৈ আছিল। মুহুৰ্ততে ৱাহিদাৰ গাড়ীখন সেইজীয়া
বননীৰ দলিচাৰ মাজেৰে বগাই যোৱা একাবেকা highwayৰ সোঁমাজত
উপস্থিত হ'ল।
“Dr Jane,
you are going to view sunrise here every Monday in the coming semester.”
ইমান দিনৰ
পিছত জোনৰ মনলৈ কবিতা কবিতা যেন লগা ভাৱ এটা আহিল। তাৰমানে তাইৰ এতিয়াৰ পৰা Monday blues
নহয় greenহে হ'ব। Lame joke কিন্তু
জোনে সেউজীয়াবোৰ উশাহৰ লগতে সামৰিবলৈ চেষ্টা কৰিলে।বহুত দিনৰ পিছত একেলগে ইমানবোৰ সেউজীয়াই
চকুৰ আগত নাচিবলৈ ধৰিলে, একেবাৰে গাঁৱৰ সেই ধাননীডৰাবোৰৰ নিচিনাকৈ।
“Shall we?”
ৱাহিদাৰ
মাতত জোন গাঁৱৰ পথাৰৰ পৰা ঘুৰি আহিল highwayৰ
দাঁতিৰ বননীলৈ। তাই জোনক লৈ গন্তব্য স্থান পালেহি। এখন সৰু বজাৰ। এলানি ষ্টল –
কাপোৰ, cosmetics, jewelry আৰু খোৱাবস্তুৰ। লগতে restaurantৰ এটা
একাবেকা লাইন। ৱাহিদাই তাইৰ favorite restaurantলৈ
জোনক লৈ গ'ল।
এখন Thai restaurant. সাংঘাতিক ভাল লগা Thai lunch
কৰিয়ে সিহঁত ষ্টলবোৰৰ মাজেৰে যাবলৈ আৰম্ভ কৰিলে। সৰল ভাষাত window
shopping. প্ৰায় বেছিভাগ বস্তুৱেই Thailandৰ। এই
ঠাইখনেই Thailandৰ বৰ্ডাৰত।বজাৰখনৰ পৰা কেইহাতমান দুৰতে Thailandৰ ভিতৰত
সোমাবলৈ check post আছে। মাত্ৰ দুখোজ পাৰ হৈয়ে এখন বেলেগ দেশ, বেলেগ
ধৰ্ম, বেলেগ সম্প্ৰদায়, বেলেগ খাদ্য, বেলেগ পোচাক, বেলেগ মানুহ। কেনেকৈ একেটা
ৰাস্তাই ইমানবোৰ বেলেগক একেলগে ধৰি ৰাখিব পাৰিছে বাৰু একো আমনি আৰু আপত্তি
নোহোৱাকৈ। সঁচাই আশ্বৰ্য্যকৰ। সেইখন Thailandতে
কেইবছৰমান আগতে জোনে সপ্তাহযোৰা conference attend কৰি
আহিছে। তেতিয়া বাৰু এবাৰো মনলৈ আহিছিল নে দুখোজ পাৰ হৈয়ে তাই চাকৰিত join কৰিব
বুলি? বৰ্ডাৰৰ সিপাৰৰ পৰা জোনে check postত
কৰ্মৰত জোৱানজনক তাইলৈ চোৱা দেখি হাঁহিৰে সম্ভাষণ জনালে আৰু ৱাহিদাৰ গাড়ীত উঠিল। বৰ্ডাৰলৈ আহিবলৈ প্ৰত্যেক সোমবাৰৰ ৰাতিপোৱালৈ জোনে
বাট চাই ৰ'ব।
Comments