Skip to main content

(4) মাৰ্মেইদৰ সাগৰ তীৰত

জোনৰ গাড়ী শিকা আৰম্ভ 'ল। তাকো একেবাৰে সেই সেউজীয়া বননীৰ একাবেকা highwayটোত। মন যথেষ্ট strict trainer. কিন্তু জোন খুব dedicated learner.
তই কিছু সোনকালে শিকিছ। এতিয়া সময় হৈছে।
সময় মানে? কিহৰ সময়?”
কাইলৈ কম। শনিবাৰ বুলি এলাহ কৰাৰ কথা নাভাবিবি। মই ৰাতিপোৱা আহিম। Ready হৈ থাকিবি।
জোনে বুজি নাপাই কিবা এটা সোধাৰ আগতেই মনে আকৌ কলে, “Penang যাম ৰাতিপোৱাই। ৰোহনৰ গাড়ীত।
তাৰমানে ফৰিদাও আহিব। জোনৰ ভাবিয়ে মনটো ভাল লাগি গল। ইমান মাহৰ পিছত প্ৰথমবাৰ weekend getaway. হিমাছলৰ weekly tripবোৰৰ কথা মনত পৰি গল। Triundৰ পাহাৰৰ চকুৰে যেনেতেনে ঢুকি পোৱা শিখৰত থকা সেই সৰু মন্দিৰটো, পুৰ্ণিমাৰ ৰাতি আচৰিতভাৱে জিলিকি থকা শুকুলা Moon peak আৰু তাইৰ tentৰ কিনাৰত মনে মনে চৰি থকা ঘোঁৰাটো, Old Manaliৰ পৰা অলপ আগলৈ গৈ discover কৰা calendarphotoৰ নিচিনা জুৰিটো, Parvati Valleyৰ ওপৰেৰে উৰি ফুৰা সেই ভগৱানৰ অৱতাৰৰ নিচিনা ডাৱৰবোৰ। নেদেখিলে কাৰো বিশ্বাসেই নহব। কিজানি অকল জোনেহে দেখিছিল সেই ডাৱৰবোৰ, সেই অদ্ভুত আকাশখন। আচৰিত, সঁচাই আচৰিত।
ৰাতিপোৱাই ৰোহনৰ গাড়ী আহি জোনৰ ঘৰৰ সমুখত হাজিৰ। লগত ফৰিদা আৰু মন। Penangৰ আকাশত তেনেকোৱা কিবা দেখা পাবনে জোনে ভাবিলে। কিন্তু সিহঁত পাহাৰ নহয় সাগৰৰ তীৰলৈহে যাবলৈ ওলাইছে। সাগৰৰ কথাবোৰ পাহাৰতকৈ অলপ বেলেগ। কিন্তু ঢৌবোৰেও কথা কয়। নীলা, অন্তহীন ঢৌবোৰ। কিন্তু সাগৰ তীৰৰ কথা যেন জোনে এতিয়াও ভালকৈ শিকি বুজিবলৈ বহুত বাকী। Weekendৰ শেষত জোনহঁত তাইৰ নতুন গাড়ীখন লৈ আহিল।
নতুন সপ্তাহটোৰ মাজতে Ann আহি জোনৰ office unitৰ দুৱাৰদলিত হাজিৰ। তাইৰ নতুনকৈ চিনাকী হোৱা colleague, Englishৰেই অধ্যাপিকা। আহিয়েই খবৰটো দিলে,
“Dr Jane, we are going to Thailand for our conference this weekend!”
কিবা বুজি পোৱাৰ আগতেই জোন Thailand পালেগৈ। দুদিনীয়া conferenceত তাই নিজৰ research paper present কৰিলে। আবেলি হোৱাৰ লগে লগে Annৰ লগত নতুন plan, “Let’s go to the beach!”
Songkhla beach খুব ডাঙৰ নহয়, কিন্তু সেই গভীৰ নিলীম সলীল ৰাশিৰ ঢৌবোৰে যেন জোনক কিবা এটা কৈ গল। শান্ত পৰিৱেশ, সহজ-সৰল মানুহ আৰু দুৰ-দিগন্ত বিয়পি থকা নীলাবোৰ। Beachৰ একেবাৰে সন্মুখতে university campusটো। জোনৰ আকৌ এবাৰ student বলৈ মন গল।
“Dr Jane, this way! Look what we’ve found! The golden mermaid of Songkhla. Yessss!!!”
Annৰ মাতত জোন চক খাই student lifeৰ সপোনৰ পৰা ঘুৰি আহিল। সঁচাকৈ সোণালী ৰঙৰ মাৰ্মেইদ। এটা ওখ শিলৰ ওপৰত লেপেটা খাই বহি থকা মৰমলগা মাৰ্মেইদ। মাৰ্মেইদজনীৰ বিষয়ে interesting তথ্যও Annএ একে উশাহতে দিলে। লোকবিশ্বাসৰ মতে হেনো এই সোণালী মাৰ্মেইদজনীক যিয়ে ইয়াত বিচাৰি পায় আৰু শিলনী বগাই একে ওখাহতে চুই আহিব পাৰে, সেইজনৰ বোলে মনৰ ইচ্ছা পুৰ্ণ হয়েই আৰু লগতে মাৰ্মেইদৰ সাগৰ তীৰলৈ আকৌ ঘুৰি অহাৰো সৌভাগ্য ঘটে। আধা ঘন্টাতকৈও বেচি সময় দুইজনীয়ে শিলনী বগাই মাৰ্মেইদৰ লগত বেলেগ বেলেগ pose দি photo উঠিল। জোনে selfieবোৰ মনৰ হেপাহ নপলোৱালৈকে তুলিলে। আন্ধাৰ হোৱাৰ পিছত দুইজনী ওচৰৰ night marketলৈ গল। Window shopping কৰি আহিয়ে hotel roompacking আৰম্ভ। পিছদিনা ৰাতিপোৱাই আকৌ বৰ্ডাৰ। আকৌ বা মাৰ্মেইদৰ সাগৰ তীৰলৈ অহা হব নে নহয়।
পিছে উত্তৰটো পাবলৈ তাই বেছিদিন ৰব লগা নহল। Ann আহি আকৌ জোনৰ office unitৰ দুৱাৰদলিত হাজিৰ।
“Dr Jane, you are going to be one of the facilitators of our summer camp this year. I came here to inform you that we are leaving this weekend for Thailand again.”
কিবা বুজি পোৱাৰ আগতেই জোন summer camp পালেগৈ। তাকো এইবাৰ Songkhla Zooৰ ভিতৰৰ campsiteত। গোটেই চিৰিয়াখানাখনেই সৰু গাঁও এখনৰ দৰে। জোনে universityৰ ২০টা student আৰু Annৰ লগতে আৰু দুজনী colleagueক লৈ campsite পালেগৈ। পোৰা এটা সপ্তাহ চিৰিয়াখানাৰ ভিতৰত। ৰাতিপোৱা চৰাইৰ মাতত সাৰপাই উঠিয়েই হৰিণাকেইটাক চাই চাই breakfast কৰা, দিনটো studentবোৰক লৈ jungle trailত যোৱা, আবেলি tigers’ denৰ কিনাৰত বহি snack time আৰু তাইৰ ভাল লগা slothটোৰ লগত খেলা – এইবোৰ সাধাৰণ জীৱনৰ অসাধাৰণ ঘটনা। সপ্তাহটোৰ শেষৰ দিনা যোৱাৰ সময়ত সকলোৰে মন গধুৰ হৈ আহিছিল। কিন্তু তাৰ পৰা সিহঁতৰ busখন চিধাই Songkhla beach পালেগৈ। Lunch তাতে। জোন সাগৰ তীৰত লাহে লাহে খোজ কাঢ়ি আগুৱাই গৈ থাকিল। Campsiteৰ কথা ভাবি ভাবি তাই কেতিয়া সোণালী মাৰ্মেইদজনীৰ ওচৰ পালেহি গমকে নাপালে। ওখ শিলনী বগাই গৈ সোণালী মাৰ্মেইদৰ কাষতে লাহেকৈ বহিলে। তাৰমানে কথাষাৰ ফলিয়ালে। জোনে আকৌ এবাৰ সোণালী মাৰ্মেইদক বিচাৰি পালে। মাৰ্মেইদৰ সোণালী চুলিখিনি চুই চালে আৰু মনতে ভাবিলে তাইৰ মনৰ ইচ্ছা বা পুৰ্ণ কেতিয়া হয়। শিলনীত মাজে মাজে ঠেকা খোৱা ঢৌবোৰে যেন সকাহ দি থাকিল, অতি সোনকালে মনৰ সদবাঞ্চা পুৰ্ণ হব।

Comments

Popular posts from this blog

The Vision

Everyone or most people have a bigger vision of the world in their mind. Right from childhood. Particularly children. As a kid, I too used to have a bigger vision of each and every thing I came across. Like the bamboo forest next to my grandparents' in our ancestral village. The forest was next to the river which passed by our house. Ours was the last house of the village and by the river. The forest seemed like a never-ending green, dark and damp wonderland with imaginary ghosts, fairies and witches as in the stories as I would hear from my grandmother. There was a weird sound of crackling bamboo whenever a breeze passed by. Or like the water-body in the backyard of our ancestral house where I used to row the boat - my boat - taking in all my young cousins. That moment I used to feel on top of the world sailing a boat, taking care of lives I am responsible for saving. The water-body felt like a sea. I could see water everywhere till my eyes could figure out around me. As I gr...

Reply to a Judgmental Stranger

Dear Mr. Stranger, Thank you for your words. As for records, I am just an ordinary, simple girl who sincerely believes in the honesty of feelings and tries to understand the practicality of life. I won't say I don't expect, because we humans can't even breathe in a puff of air without expectations in order to live what we call life. I value relations with sincerity and a strong sense of responsibility. For me, the most important investment is love. My life revolves around it. The most significant relation in my life is friendship, and I take sincere pride in the fact that I am fortunate to have earned some of the most trustful friends in life. So losing any of them will be the dumbest thing on my part. Now coming to your words, I'm grateful again for your advice. And I would say I would love to know you more. If you can't find me on Facebook, then you can give me your complete name and I would add you. That would be my pleasure to have you as a friend. Rest as I h...

How I felt when I felt (1): The champagne encounter

It's not the happily-ever-afters that bring magic but the trail of feelings that keeps coming back in the form of different encounters with different faces, binding stories after stories of the purest of feelings which are otherwise next to impossible for words to express. For me, that's the notion of a 'Hallmark romance'. For I know how I felt when I felt and it lives on forever without a pause or gap. In this series of shorter stories, I deeply wish to share some of those extraordinary encounters of forever young memories of how I felt when I felt. It was a winter evening. All the roads were beginning to be covered with more frequent snowfall. I was sitting alone, my feet relaxing on top of each other and my eyes fixated at the snowy window. Suddenly, the doorbell rang. I opened it to find the new self-announced friend standing right there. He stood there with a bottle of champagne and a bag of chocolate balls. I guess he had bought them in the super-mart and headed...