কিবা এটা ক'বলৈও তুমি নাই, ক'তোৱেই নাই।
জুই লগা ৰ'দালি, বৰষুণৰ বাৰিষা, জোপোকা লগা জোন
কিমান কথা থাকে ক'বলৈ, চাবলৈ, কিন্তু তুমি নাই।
পথাৰখন ঢল পুৱাতে চাই আহিলোঁ, এপাক ঘূৰিলোঁ
দাঁতিকাষৰ কৃষ্ণচূড়াজোপাই খিকখিকাই হাঁহিছিল,
আঁহতজোপাৰ কিন্তু থৰ লগা বিষন্ন চাঁৱনি আছিল,
কিজানি তোমাৰ মাত শুনিবলৈ ৰৈ আছিল,
পিছে তুমি নাই। তোমাৰ ছাঁটোও নাই, ক'তো নাই।
আহিনৰ বতাহজাকে ভিতৰ সোমাবলৈ নঙলামুখতে ৰৈ আছে।
এই যেন তোমাৰ সুহুৰী শুনিলেই গৰকিব পদূলি।
কিন্তু তুমি দেখোন নাই। বহু যোজনলৈ নাই।
শেৱালিজোপাই উৎকণ্ঠাৰে বাট চাই আছে
তোমাৰ এবুকু উশাহৰ লোভত সাৰ পাই আছে উৰে ৰাতি।
ৰাতিৰ পৰা দিন বাগৰি ৰাতি উভতি আহিছে,
তোমাৰ কোনো চিনমোকাম নাই। পাহৰিলা নেকি?
নে হেৰাই গ'লা অশৰীৰি সপোনৰ কঁৰালত?
সাঁজৰ বাটিত লুটুৰি পুটুৰি হৈ পৰি আছা নেকি
কোনোবা জুইশালৰ পীৰাত, অথবা ৰহিমতীৰ কোলাত?
নাই থাকক, ইমান দূৰলৈ কল্পনাৰ ঘোঁৰা নদৌৰাওঁ দিয়া,
ঘূৰি চোৱাচোন চিনাকি আলিটোলৈ,
উভতি আহাঁচোন পবিতৰাৰ জোনাকলৈ।
Comments