কোন বাৰু ভগৱান, নামটো বা কি?
ক’ত বা তেওঁৰ ঘৰ, দেখাত বা কেনেকোৱা?
মন্দিৰৰ নে নামঘৰৰ মণিকূটত তেওঁৰ ছবি,
নে মছজিদৰ মজিয়াত অথবা গীৰ্জাৰ কোঠাত?
কিজানি কৃষকৰ শুকান পথাৰত তেওঁৰ বাহৰ,
নাইবা সেইয়া তেওঁৰ হৃদয়ৰ শুকান মৰুদ্যান,
কেতিয়াবা চুনামী বতাহে তেওঁৰ খঙৰ ধুমুহা আনে
নহলেবা বনজুইৰ ৰঙা উত্তাপত জ্বলে তেওঁৰ
উকা হৃদয়ৰ ভগা সপোনৰ টুকুৰাবোৰ,
মাজে মাজে দুখীয়াৰ চকুবোৰ জুমি চাঁও মই
চকুপানীবোৰ নদী হৈ বৈ গ’ল কোনোবা যুগতে,
এতিয়া মাথো নদীৰ শুকান হেৰাই যোৱা চিন
নাচি থাকে সেই চকুবোৰৰ ভাগৰুৱা পাৰত।
ৰামধেনু চোৱাৰ সময় নাই কাৰোৰে যেন
ৰংবোৰ ভগাই ললে ধৰ্মৰ ছাতিবোৰে কেতিয়াবাই,
পিছে ভগৱানৰ বা কোনটো ৰং পচন্দ?
তেওঁ বাৰু ভাল পায়নে গ্ৰীস্মৰ পিছৰ প্ৰথম বৰষুণ?
মাটিৰ সেই স্বৰ্গীয় স্পৰ্শৰ গোন্ধ লয়নে তেওঁ?
ৰাজত্বৰ খেলবোৰ তেওঁ খিৰিকিৰ কোণেৰে
চায়নে বাৰু, নে সেইয়া তেওঁৰো বিবেকৰ অতীত?
ভগৱানৰ নামত হোৱা আন্দোলনৰ ভীৰত
কিজানি তেওঁ হেৰাই গ’ল ক’ৰবাত।
কিজানি নিজেই গুচি গ’ল সকলোবোৰ এৰি।
নহ’লে এবাৰলৈ হয়তো উত্তৰ আহিল হয়
প্ৰশ্ন আৰু অপ্ৰশ্নবোৰৰ সাগৰৰ পৰা।
প্ৰতিধ্বনি হৈ কাণত আহি পৰিল হয়
এবাৰলৈ হ’লেও। ভগৱান, তুমি সাৰে আছানে?
Comments