এজনী ছোৱালী আছিল
আৰু এখন বিশাল আকাশ,
এপাহ কপৌ ফুলিছিল
আৰু বুকুত এবতাহ সুবাস।
তাইৰ এখন উৰুঙা কপাল
যেন শাওনৰ ৰ'দৰ জীপাল।
শব্দৰ সমদল মৌন হ'ল
ক'ত হেৰুৱালে মনত নাই,
কিজানি বাৰিষাই লৈ গ'ল
অহৰহ দেখোন নৈ বৈ যায়।
সেউজীয়া ৰং পাহৰিলে তাই
কল্পতীয়া কিন্তু মনত থাকিল,
বগাবোৰ আদৰিলে তাই
সমাজে কিন্তু তাইক নামানিল।
মৰমবোৰ অচিনাকী হ'ল
তাইক এৰি বাৰু ক'লৈ গ'ল?
প্ৰশ্নবোৰে আমনি কৰে তাইক সদায়
কোনে বা তৰালীত জোনক সজায়।
আৰু এখন বিশাল আকাশ,
এপাহ কপৌ ফুলিছিল
আৰু বুকুত এবতাহ সুবাস।
তাইৰ এখন উৰুঙা কপাল
যেন শাওনৰ ৰ'দৰ জীপাল।
শব্দৰ সমদল মৌন হ'ল
ক'ত হেৰুৱালে মনত নাই,
কিজানি বাৰিষাই লৈ গ'ল
অহৰহ দেখোন নৈ বৈ যায়।
সেউজীয়া ৰং পাহৰিলে তাই
কল্পতীয়া কিন্তু মনত থাকিল,
বগাবোৰ আদৰিলে তাই
সমাজে কিন্তু তাইক নামানিল।
মৰমবোৰ অচিনাকী হ'ল
তাইক এৰি বাৰু ক'লৈ গ'ল?
প্ৰশ্নবোৰে আমনি কৰে তাইক সদায়
কোনে বা তৰালীত জোনক সজায়।
Comments