ক'ৰপৰা আৰম্ভ কৰোঁ, কি বুলি কওঁ বাৰু, কেনেকৈ?
তোমাক কেতিয়াৰপৰা চিনি পাওঁ সেয়া ক'ম নে?
তোমাৰ চকুৱে যে শীতত জুই জ্বলাইছিল, সেয়া?
পথাৰৰপৰা আকাশলৈ সপোনৰ বোকা খচকিছিলা যে,

কাণৰ ঠুৰীয়াৰ আঁৰত সাধুৰ ভঁড়াল চপাইছিলা আৰু
গৰমৰ বন্ধৰ জোনাক নিশাত সেইবোৰৰ কঠিয়া পাৰিছিলা যে,
ডালিমগুটীয়া দাঁতৰ হাঁহিটো কেনেকৈ পাহৰিম,
মাঘৰ ভোজত সাঁজ খাই মতলীয়া হৈ কেইপাক যে নাচিলা,
সেই বিহুৰ বিহুৱা চিঞৰবোৰ কেনেকৈ পাহৰি যাওঁ?
বিদেশী মাটিত ভৰি থৈ সুদূৰলৈ হাত মেলা বন্ধুৰ কথা?
তুমিয়েই মোৰ বিপদৰ সঁচা বন্ধু বুলি অকপটে স্বীকাৰ কৰা কথা?
কভিডৰ কোলাত ঢলি পৰা বন্ধুকেইজনৰ কথা?
প্ৰাণ খুলি হঁহা ছোৱালীজনীৰ কঁকাল পাৰ হৈ বৈ যোৱা
চুলিকোঁচাত যে মৰিশালিৰ গোন্ধ লগা সোঁৱৰণীবোৰ?
স্মৃতি হয় জানো এইবোৰ? নে নিজকে দিয়া ভুৱা আশ্বাস?
ঘৰলৈ আহি ঘৰ বুলি ভবা চুটি চাপৰ মানুহজন আহিবনে আকৌ?
শ্বিলঙৰ দুবৰিত মেঘ বুটলি ফুৰা সেই দীঘল চুলিৰ বন্ধুৰ নিভাজ হাঁহিটো,
মোক পোৱালী বুলি ধেমালিতে মাতি আকৌ চুলি টানিব কোনে?
তুমি নাহা আৰু, তোমালোকৰ কোনোৱে উভতি নাহা,
সেইবুলি তুমি অহালৈ বাট চাবলৈ এৰি দিব পাৰিনে?
দুশাৰী বুলি ক'লেই ক'বলৈ, লিখিবলৈ ইমান সহজ জানো?
তুমি এদিন এনেকৈয়ে নোহোৱা হৈ গ'লা সেয়া কোন সতেৰে মানি লওঁ?
এটা জীৱনৰ অৱসান এনেকৈয়ে ঘটে বুলি কেনেকৈ বুজি লওঁ?
তুমি সশৰীৰে নাই বাৰু, নাই বুলি কেনেকৈ মানি লওঁ?
তোমাৰ মৃত্যুত তোমালৈ দুশাৰী বুলি কি লিখোঁ এতিয়া?
মৃতকৰ সদগতি হওক, চিৰশান্তিত থাকা তুমি
মোক দি থৈ যোৱা অশান্তিখিনি লৈ ক'লৈ যাওঁ মই
সেয়া আকাৰে ইঙ্গিতে হ'লেও এবাৰ বুজাবলৈ তুমি আহিবানে?
****

Comments