এই যে নেদেখা শিকলিবোৰ, আমাক বান্ধি থওঁ আমি
চোৰাত পাতৰ দৰে খজুৱায় বিবেকৰ কেঁচা চালত
অথচ আমি সপোন বুলি ভাবি শুই থাকোঁ
আমাৰ দিনবোৰ ৰাতিৰ পৰা পৃথক কৰে
অনবৰতে এটা চিঞৰে কাণ তাল মাৰি থাকে
আৰু আমি মৌনতাৰ ব্ৰতত ম্ৰিয়মান যেন
চকুৰ চামনিত এলান্ধুৰ জালৰ ব্যস্ততা
কোনেও কাকো নেদেখে, কোনেও কাকো নিচিনে
সকলো যেন এটা সত্যৰ চৰম অসত্য, আৰু অসত্যৰ পৰম সত্য
আমাক কোনে জানো ক'লে শিকলিবোৰৰ কথা
কাৰোবাৰ কথাৰ জালত ভুল গৈ নতুন জালত সোমাইছোঁ
বান্ধ খাবলৈ যেন সকলোৰে হেতা ওপৰা লাগিছে
জীৱনৰ মোহ, সপোনৰ মোহ, আৰু কিবাকিবি মোহ
শিকলিবোৰ টান হৈ আহিছে, টানি আনিছে মগজুৰ শিপা
শিৰাৰ উপনামবোৰে নতুন চিনাকি যাচিছে নিজকে
চৰাই হ'বলৈ আৰু মন নাই, পাখিবোৰত মামৰে ধৰিছে
চাৰিওফালে কেৱল শিকলি, যেন গভীৰৰ শিপা হে
আকাশলৈ চাবলৈ আমি পাহৰি গৈছোঁ, চোলাবোৰ মলিয়ন
নতুনবোৰো পুৰণিৰে অৱশেষ মাথোন
আৰু কিমান দ' বা শিকলিৰ গুৰিবোৰ
নে নেদেখা জালৰ ৰৌ বাহু, পুঠি খলিহনা
এই সকলোবোৰ এটা বৃহৎ মিছাৰ অংশ যদি?
শিকলিৰ সংজ্ঞ্যা বিভ্ৰমৰ ভ্ৰম যদি?
Comments