কাৰেঙ ঘৰৰ একেবাৰে ওপৰলৈ উঠি গৈ তাৰ পৰা 'তলৰ পৃথিৱীখন' চোৱাৰ হেঁপাহেই আগুৰি ৰাখিছিল আমাৰ শৈশৱক। আমাৰ মানে মোৰ আৰু লগতে সৰু সৰু সপোন দেখা এজাক সহজ-সৰল ল'ৰা-ছোৱালীৰ। গড়গাঁৱৰ ল'ৰা-ছোৱালীৰ। সেইয়া ১৯৮০-৯০ৰ কথা। আমি সমনীয়াবোৰৰ এটা ডাঙৰ গোট আছিলো। গড়গাঁৱৰ প্ৰত্যেকটো আলি-চুবুৰীত অন্তঃত এটাকৈ হ'লেও লগৰ সমনীয়া আছিল সেই সময়ত। আমি সকলো একেখন প্ৰাথমিক বিদ্যালয়লৈকে গৈছিলো - গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়। আহোমৰ চতূৰ্থখন ৰাজধানী গড়গাঁও। চৌপাশ গড় আৰু খাৱৈৰে আৱৰা এখন কম জনবসতিপূৰ্ণ ঠাই। আমি কনমানিবোৰৰ কাৰণে আমাৰ অতিকৈ ভালপোৱা পৃথিৱীখন। আহোম স্বৰ্গদেউৰ কাৰেঙ ঘৰৰ একেবাৰে গাতে লাগি থকা আমাৰ এল্ পি স্কুলখন। পানী খোৱা ছুটীৰ (Recession) সময়ত কাষৰ দোকানৰ পৰা পঞ্চাছ পইচাৰ ছানা কিনি কাৰেঙ ঘৰৰ ওপৰলৈ উঠি গৈ তাতে বহি খোৱাৰ দৈনন্দিন অভ্যাস আমাৰ। তেতিয়া কাৰেঙ ঘৰৰ চাৰিওপাশে একো বেৰা নাছিল। সৰু ল'ৰা-ছোৱালী ওপৰলৈ গৈ অন্যমনস্ক হৈ পৰি যাব পাৰে ধৰণৰ নানা চিন্তা-দুঃচিন্তা মনলৈ অহা মাক-দেউতাক আৰু অভিভাৱকো নাছিল। এখন মুকলি আকাশৰ তলত মুক্তমনেৰে বিচৰণ কৰা এজাক চৰাই আছিলো আমি। নতুন কথা শিকা, নতুন বস্তু চোৱা আৰু নতুন কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ মনত পুঁহি ৰখা এজাক সৰল শিশু।
নতুনখিনি চোৱা, শিকা আৰু কৰাৰ সুবিধাকন মাক-দেউতাকসকলেই কৰি দিছিল। প্ৰতিটো দেওবাৰে ৰাতিপুৱা ৮ নে ৯ বজাত আমি কনমানিবোৰ লগ হৈছিলো আশ্ৰমলৈ বুলি যোৱা পথৰ দাঁতিতে থকা টিনপাতৰ একোঠিয়া সৰু ঘৰটোত। সেইটোৱে আছিল গড়গাঁও মইনা পাৰিজাত। তালৈ গৈ আমাক নতুন কথাবোৰ শিকোৱা মানুহবোৰো আমাৰেই সমাজৰ। সেই গড়গঞা সমাজখন যি কৃষকৰ পৰা শিক্ষকলৈকে সকলোকে একেলগে বান্ধি ৰাখিছিল। গড়গাঁৱৰ ভিতৰতে প্ৰাথমিক বিদ্যালয়কে আদি কৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু গড়গাঁও মহাবিদ্যালয়খন থকাৰ বাবেই হয়তু আমাৰ দৈনন্দিন চিন্তাচৰ্চা আৰু ভাৱশৈলী তুলনামূলকভাৱে প্ৰগতিবাদী আছিল। দেওবৰীয়া মইনা মেলত আমি কবিতা পাঠ, গদ্য আৰু পদ্য ৰচনা, চিত্ৰাঙ্কন, সংগীত সাধনা, হাতৰ আখৰ, যোগাভ্যাস, নীতি শিক্ষা, তৰ্ক আৰু আকস্মিক বক্তৃতা, খেলাধূলা, দেশ-বিদেশৰ সাধাৰণ জ্ঞান আৰু আলোচনাৰ অভ্যাস কৰিছিলো। দৰকাৰী আৰু জানিবলগীয়া কথাবোৰ বহীত টুকি ৰাখিছিলো। দেওবাৰৰ ৰাতিপুৱাটোলৈ বৰ আগ্ৰহেৰে সকলোৱে বাট চাই ৰৈছিল। অকল সিমানতে আমি থমকি নৰৈছিলো। মইনা পাৰিজাতৰ সভাপতি/সভানেত্ৰী আৰু বাকী গুৰুত্বপূৰ্ণ পদবীবোৰ আমি কনমানিবোৰে গুৰুত্বসহকাৰে মূৰ পাতি লৈছিলো। সাংগঠনিক কামবোৰ খুটি নাটি মাৰি শিকাইছিল আৰু শিকিছিলো এই মইনা মেলতে। অসমৰ বাকীবোৰ জিলাৰ মইনা পাৰিজাতৰ লগত বাৰ্ষিক অধিবেষনলৈ গৈছিলো। বিভিন্ন প্ৰতিযোগীতাত অংশগ্ৰহন কৰিছিলো। সেই অভিজ্ঞতাবোৰ আকৌ আমাৰ দেওবৰীয়া মইনা মেলত সকলোৰে আগত ব্যক্ত কৰিছিলো। কিবা এক বেলেগ সৃষ্টিশীল পৃথিৱী আছিল সেইখন আমাৰ। সৃষ্টিশীল গড়গঞা পৃথিৱী।
সেই সৃষ্টিশীলতাই আমাক জ্ঞানপিপাসু কৰি তুলিছিল সৰুৰে পৰাই। তাৰোপৰি সেই সময়ত শিশু আলোচনীৰ উভৈনদী আছিল। আমিও পাঠ্যপুথিৰ লগতে মৌচাক, সঁফুৰাৰ দৰে সেই সময়ৰ জনপ্ৰিয় শিশু আলোচনীবোৰ নিয়মিতভাৱে পঢ়িছিলো, শিকিছিলো নতুন কথাবোৰ। যিদিনা আমাৰ নিজৰ লেখা প্ৰকাশ পাইছিল, তাৰ পিছৰ দেওবাৰত সকলোৰে আগত দেখুৱাবলৈ নতুবা পঢ়ি শুনোৱাবলৈ ব্যগ্ৰতাৰে বাট চাই ৰৈছিলো। তেনেকুৱা খবৰবোৰত আমি সকলো উৎসাহিত হৈছিলো। আমিয়েই আমাৰ অনুপ্ৰেৰনাৰ উৎস আছিলো।
গড়গাঁওবাসী সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগৰণুৱা আছিল। প্ৰায় বাৰ মাহেই কলা-সংস্কৃতিৰ সাধনাত আমিবোৰ ব্যস্ত থাকিছিলো। সাধাৰণতে জ্যোতি দিৱসৰ (১৭ জানুৱাৰী) পৰা আৰম্ভ হৈ গণতন্ত্ৰ দিৱস, বিহু সন্মিলন, ৰাভা দিৱস, স্বাধীনতা দিৱস, শিক্ষক দিৱস, শিশু দিৱস সকলোবোৰেই আমি গড়গাঁৱত উলহ মালহেৰে উৎযাপন কৰিছিলো। স্বাধীনতা দিৱসৰ দিনা সামুহিক পতাকা উত্তোলন হোৱাৰ উপৰিও প্ৰায়বোৰ পৰিয়ালে ব্যক্তিগতভাৱেও পতাকাখন ঘৰৰ মুধচত উৰুৱাইছিল। দীপাৱলীৰ ৰাতি আমি সৰু ল'ৰা-ছোৱালীবোৰ একেলগে আলিবাটত ঘূৰি চুবুৰীটোৰ চাকি-ভৰ্ত্তি কলগছবোৰ চাবলৈ ওলাই গৈছিলো। ফাকুৱাৰ সময়ততো কথাই বেলেগ - কাৰো ৰং সনা মুখবোৰ কোনেও চিনি নোপোৱা। এটা চুবুৰীৰ ৰঙা-নীলা মানুহখিনি ইটো চুবুৰীলৈ একেলগে গৈ তাত ৰঙৰ পোহাৰ মেলা, এইবোৰ বৰ ৰঙীয়াল স্মৃতি আছে এতিয়াও সজীব হৈ। আটাইতকৈ ভাল লগা সময়টো আছিল ৰাসৰ। আমি ল'ৰা-ছোৱালীবোৰ কৃষ্ণৰ সখা হৈছিলো। ৰাসৰ আখৰা কৰা সেই ৰাতিবোৰে গড়গাঁও উমাল কৰি ৰাখিছিল। অকল ৰাসেই নহয়, আমি বিহুও মাৰিছিলো একেলগে। ঘৰে ঘৰে গৈ হুঁচৰী গাইছিলো, গৃহস্থ কুশলে থকাৰ আশীৰ্বাদ কৰিছিলো। বিহুৰ শেষত হুঁচৰী গাই পোৱা টকাৰে আমি ল'ৰা-ছোৱালীবোৰে এটা সৰু-সুৰা বনভোজো খাইছিলো, নিজেই সামগ্ৰী কিনি ৰান্ধিছিলো, বিচনা চাদৰৰ তম্বু সাজি পাটী পাৰি বহিছিলো, কেতিয়াবা কাৰেঙৰ ওচৰত, কেতিয়াবা মুকলি পথাৰত। টেপ ৰেকৰ্ডাৰত বাজি থকা গানৰ পৰা শেষত নিজে গোৱা আৰু নচা বিহুগীতৰ শব্দত গড়গাঁৱৰ আকাশ-বতাহো হালিজালি গৈছিল। তেতিয়াৰ গড়গাঁওখন তেনেকুৱাই আছিল - ৰাঙঢালী, চিৰসেউজ।
এতিয়া বহুত কথাই সলনি হ'ল। সময়বোৰো সলনি হ'ল যে। গড়ৰ কাষেৰে খোজ কাঢ়ি যোৱাৰ কথা তেতিয়া সপোনৰো অগোচৰ। কাৰণ বিশাল গছ-গছনিৰে ভৰা এলানি জয়াল হাবি গড়ৰ কিনাৰত। অকল গড়গাঁও মহাবিদ্যালয়খন, ছাত্ৰীৱাস আৰু তাৰ লগতে থকা তিনিটা teachers' quarterৰ আলিবাটটোহে যাতায়তযোগ্য। এতিয়া গড়ৰ চাৰিওকাষৰ পকা আলিবাট, লগতে নতুনকৈ তালৈ উঠি অহা মানুহৰ প্ৰকাণ্ড অট্টালিকাহেন ঘৰবোৰ। গড়ৰ জয়াল হাবিবোৰলৈ কৰা আমাৰ ভয়বোৰ এতিয়া অতীত। একালত সেই ভয়বোৰ বুকুৰ আপোন আছিল। ঠিক কাৰেঙ ঘৰৰ ভিতৰৰ ঘোপ মৰা আন্ধাৰখিনিৰ দৰে হাবিয়াল গড়টোলৈও কিবা এটা বেলেগ মৰম, বেলেগ উৎকণ্ঠা আছিল। সেইখিনি যেন পকা আলিবাটটোৰ ক'ৰবাত হেৰাই গ'ল। পুৰণা গড়গাঁওখন আধুনিক হ'ল। মানুহৰ নতুন মুখবোৰ এতিয়া চিনিব নোৱাৰা হ'লো। কাৰণ কৰ্মসূত্ৰে মই এতিয়া গড়গাঁৱৰ বাহিৰত আৰু সময় সাপেক্ষেহে ঘৰলৈ অহা হয়। লগৰ সমনীয়াবোৰো জীৱন আৰু জীবিকাৰ তাগিদাত লাহেকৈ আঁতৰি গ'ল। সিহঁতো মোৰ নিচিনাই ক্ষন্তেকীয়া আলহী এতিয়া গড়গাঁৱৰ। সেই আশ্ৰমখন একেই হৈ থকা নাই আৰু। আজিৰ ল'ৰা-ছোৱালী নাইবা সিহঁতৰ অভিভাবকে, মানে নতুনকৈ অহা গড়গঞাই জানে বা নাজানে জাতিৰ পিতা মহাত্মা গান্ধীও এবাৰ আহি এই আশ্ৰমখনতে থাকি গৈছিল। আশ্ৰমলৈ যোৱা আলিটোৰ দাঁতিতে থকা আমাৰ সেই মইনা মেলৰ ঘৰটো এতিয়া চিনিব নোৱাৰি। টিনপাতৰ ঘৰটোৰ ঠাইত এতিয়া অকল কাঠৰ খোটা চাৰিটা থিয় হৈ আছে। পাৰ হৈ যোৱা সময়খিনিক যেন পাকে-প্ৰকাৰে ধৰি ৰখাৰ এক অহৰহ চেষ্টা সেইয়া। ভাবিলে মনটো অলপ কিবা এটাই খুন্দা মাৰি ধৰে।
Comments