গোটেই ৰাতি বৰষুণ দিছিল সেইদিনা।
বৰষুণৰ টোপালবোৰত কবিতাৰ সুৰ আছিল,
গান হৈ টোপাটোপে পৰিছিল
সৰু খিৰিকিৰ অচিনাকী কোণত।
টেবুলৰ ওপৰত লেপটপৰ বুকুত
কিশোৰ কুমাৰৰ চিনাকী সুৰ বাজি আছিল।
পাকঘৰৰ পৰা অহা চিকেন কাৰীৰ গোন্ধ,
যেন সুৰৰ এক বিশাল সমলয় হে।
বৰষুণ, কিশোৰ কুমাৰ আৰু চিকেন কাৰীৰ সুৰ।
সেই সাগৰত জাপ মাৰোতেই সমুখৰ পৰা
আহিল সেই বৰ্ণময় চকুৰ চাঁৱনী,
“অলপমান নাচোঁ আহাঁ”, আকৌ গানৰ সুৰ।
সেই ৰাতিটো আছিল এটা গানৰ ৰাতি।
গানৰ, সুৰৰ, কথাৰ, হাঁহিৰ অন্তহীন ৰাতি।
যেন জীৱনৰ শেষৰ আলিবাটত এপলক,
এখন্তেক বিৰাম। ভালপোৱাৰ আন্তৰিক আলাপ।
দুখ আৰু শোকৰ ছাঁৰ পৰা দূৰ দিগন্তৰো দুৰত।
ৰাতি পোওৱাৰ পিছতো শেষ নহ’ল ৰাতিটো।
ইমান বাৰিষাৰ আৰ্তনাদেও শেষ কৰিব নোৱাৰিলে
সেই অন্তহীন ৰাতিটো। ৰ’দৰ খৰাঙে জলাব
নোৱাৰিলে সেই ৰাতিটো। সেই সুৰৰ ৰাতিটো।
সেই চকুযোৰ নেদেখা বহু বছৰেই হ’ল।
সেই সুৰটো এতিয়াও কাণত বাজি উঠে
মাজে মাজে জোনৰ জোনালীৰ দৰে।
মোৰ বাৰু মনত ভালকৈয়ে আছে,
তাৰ বাৰু মনত আছে নে সেই বৰষুণৰ সুৰ?
Comments