জোনৰ একেবাৰে
সময় নাই, semester শেষ হ’বলৈ
মাথো দুটা সপ্তাহ বাকী। এতিয়া final presentationৰ preparationত
তাইৰ গোটেই classবোৰ ব্যস্ত। দিনে ৰাতিয়ে তাইৰ WhatsApp
busy. Studentৰ ধেৰ প্ৰশ্ন – content কেনেকৈ
লিখিব, PPT slideৰ লগতে video present কৰিব
নে vlogত হে add কৰিব, ইত্যাদি। জোনে আচলতে
উত্তৰ দি ভালহে পাইছিল। ফাৰহানে আটাইতকৈ বেছি প্ৰশ্ন
কৰিছিল। তাইৰ অত্যন্ত বাধ্য ছাত্ৰ Mechanical Engineeringৰ। Yemenৰ পৰা।
Lecture শেষ হোৱাৰ পিছত ফাৰহানৰ প্ৰশ্ন আৰম্ভ হয়।
এনেকোৱা studentক পঢ়াবলৈ জোন সদায়েই সাজো। Environmental
Engineeringৰ Kaiও
এনেকোৱাই। তাই ইয়াৰেই এজনী Chinese ছোৱালী।
গল্প লিখি ভালপায়। Digital storytellingৰ projectটো
সেইকাৰণে তাই খুব ভাল পাইছে।
“Dr Jane,
let’s write a long story!”
তাই
জোনক প্ৰায়েই কয়। আৰু বহুত কিবাকিবি কথা তাইৰ – ইয়াৰ Chineseবোৰৰ history,
তাইৰ উপন্যাস লিখাৰ বহু পুৰণি হাবিয়াস, Kuala Lumpurৰ high
school, campusৰ hostel life আৰু
বহুত কিবাকিবি। বহুতবাৰ জোনে তাইৰ লগত বাহিৰত dinner কৰিও
আহিছে। বিৰাট lively আৰু positive ছোৱালী।
Kai আৰু ফাৰহানৰ নিচিনা student জোনৰ
সদায়েই প্ৰিয়। প্ৰশ্ন কৰিব লাগে। নহলে উত্তৰ কোনে দিব, কোনে ক’ত
বিচাৰিব? প্ৰশ্ন সোধা মানুহৰ অভাৱ আজিকালি। জোনে সেইকাৰণে নিজকে
প্ৰশ্ন সুধি থাকে।
“Hi there!
Are you Dr Jane?”
হঠাতে
প্ৰশ্নটো উৰি অহাত জোনে চক খাই ওপৰলৈ চালে।তাই চিৰিৰে আহি আছিল আৰু সমুখত প্ৰশ্নটো
থিয় হৈ তাইলৈ চাই উত্তৰলৈ ৰৈ থকা দেখিলে।
“Sorry, I
startled you I guess.”
জোনে
এইবাৰ মিচিকীয়া হাঁহিৰে তাইৰ সমুখত ৰৈ থকা প্ৰকাণ্ড অথচ উদাৰ আৰু মৰমিয়াল যেন লগা
মানুহজনক সম্ভাষণ জনালে। বয়স কিজানি ষাঠিৰ ওচৰৰ।
“Hi. Yes,
Jane here. Nice to meet you.”
উত্তৰ
দিলে যদিও জোনে প্ৰশ্নবোধক চাৱনীৰে মানুহজনলৈ অলপ সময় চাই থাকিল।
“Oh, sorry
I could not recognize you. You must be…Prof Adil?”
“You got
it right. Adil please.”
মানুহজনে
মিচিকীয়া হাঁহিৰে জোনলৈ চালে।কিবা যেন বিচাৰি আছে সেই হাঁহিটোৱে, যেন কাৰোবাৰ
সন্ধানত সেই চকুযোৰ।জোনে আৰু কথা নাপাতিলে।পাতিবলৈ সময় ক’ত তাইৰ? কিন্তু
মানুহজনৰ হাতত অফুৰন্ত সময়।এতিয়ালৈকে তেঁওৰ এটাও class নাই।
নতুন semester আৰম্ভ
হোৱাৰ আগত Fennyয়ে জোনক আহি ক’লেহি,
“Dr Jane,
you would be working with Prof Adil on the new writing project.”
এটা student
groupক train কৰিব লাগে, Japanত inter-university
writing competition আছে। Fennyয়ে
কোৱামতে গোটেই fileবোৰ জোনক Prof Adilয়ে
বুজাই দিব।এনেকোৱা কামত মানুহজনৰ বহুত অভিজ্ঞতা।কিন্তু জোনে কিবা এটা ভবাৰ আগতেই Adil আহি
তাইৰ দুৱাৰত হাজিৰ।
“What a
surprise, Prof Adil. I was about to go meet you to discuss the project details.”
“Adil
please.” মানুহজনে একেটা কথাই আকৌ ক’লে।সেই
একেই হাঁহি।
“It would
be my privilege to work with you. I’m sure I’m going to learn a lot from…”
জোনৰ
কথাষাৰ শেষ হোৱাৰ আগতেই মানুহজনে কৈ উঠিল,
“I am
going to learn from you, Dr Jane. I hope to read your poems and stories someday
soon.”
“How do
you know that I write?” এইবাৰ জোনৰ অবাক হোৱাৰ পাল।
“Well, I Googled
you.” গহীন মাতটোত জোনৰ কিবা এটা সন্দেহ হ’ল।সেই
একেই মিচিকীয়া হাঁহি, কিবা এটাৰ সন্ধানত থকা একেই চকুযোৰ।এটা আচৰিত প্ৰশ্নৰে যেন
তাইলৈ চাই আছে।ইমান বয়সষ্ঠ আৰু জনাশুনা মানুহজনে তাইৰ নজনা নামটো বা কিয় Google কৰিলে।সচাকৈ
আচৰিত।
তাৰ
পিছৰ দুমাহ project trainingত ব্যস্ত থাকিল জোন।লগত সেই
আচৰিত মানুহজন।কিন্তু যথেষ্ট জ্ঞান আছে সেই বিষয়ত তেঁওৰ।আৰু বহুত কথাই জোনে তেঁওৰ
পৰা শিকিলে।সেই সন্ধানী চকুযোৰ।সেই আচৰিত প্ৰশ্নৰ উত্তৰো দিলে এদিন, যিটো আৰু বেচি
আচৰ্য্যকৰ।গোটেইখিনি একেলগে explain কৰিব
নোৱাৰে তাই।একেবাৰে নোহোৱা-নোপজা কথা।যিমানখিনি জোনৰ যুক্তিয়ে ঢুকি পালে তাৰমতে তেঁও
হেনো এখন নেদেখা ৰাজ্যৰ বাট হেৰোৱা এজন ৰজা।ৰানীৰ সন্ধানত যাযাবৰী হৈ ঘুৰি ফুৰা
ৰজা।কোনোবা যুগৰ কথা এইবোৰ।তেঁওৰ প্ৰজা প্ৰহৰীও আছে যিবিলাকক অকল তেঁওৰ চকুৰেহে
দেখা পোৱা যায়।আচৰ্য্যকৰ।আচৰ্য্যকৰ।
“The lost
soul I’m looking for,
The unseen
path I’m walking on,
Probably you’ll
understand these words
Read my
words please, will you?”
ইমান
কবিতা কবিতা লগা কথাবোৰ শুনি জোনৰ সন্দেহ বাঢ়িলহে।আচলতে
সেয়া আৰম্ভণিহে, সেই সন্ধানৰ আঁৰৰ কাহিনী বেলেগহে।ৰজা-ৰানী, হেৰোৱা ৰাজপাট, সপোনত
আচৰিতভাৱে পোৱা কোনোবা যুগৰ মুকুতাৰ মালা, সোণৰ বাঁকৰ সজোৱা কাণফুলি, এইবোৰ বাৰু কোনে
বিশ্বাস কৰিব? একো যুক্তি নাই। কিন্তু
জোনক কিয়বা এইবোৰ যুক্তিহীন কথা কয়, আৰু তাকো কবিতাৰ সুৰত।মানুহজনৰ এনেকোৱা পাগলামীত
জোনৰ সন্দেহ আৰু বাঢ়িলহে।একো নোকোৱাকে সকলো শুনি
থকে মানেতো এইটো নহয় যে তাইক এনেকৈ যা তা আবোল-তাবোল বকিব।Trainingৰ
খালি সময়বোৰত বৰ অসহায় হৈ জোনে Adilৰ বেবেৰিবাং
কথাবোৰ শুনি যায়।বয়সষ্ঠ মানুহক সন্মান কৰিব জানে তাই।ষাঠিৰ ঊৰ্ধৰ মানুহ, তাইৰ
দেউতাকতকৈও ডাঙৰ।কিন্তু যুক্তিহীন কথা
শুনাৰো এটা সীমা আছে।অৱশেষত মনক গোটেইখিনি কথা খুলি ক’লে
তাই।
“বুঢ়াৰ মতিগতি ভাল দেখা নাই কিন্তু।সাৱধানে থাকিবি তই।” মনৰ
একদম চিধাচিধী কথা।
কিজানি
সি থিকেই কৈছে।কেনেকোৱা আচৰিত মানুহ বাৰু?
মুখ-চকু নাইকীয়া ধৰণৰ কথা এইবোৰ।কাৰণটো পিছে জানিবলৈ বেচি দিন নালাগিল জোনৰ।Trainingৰ শেষৰ
দিনা অলপ দেৰী হোৱাত মন আহিল তাইক ঘৰলৈ লৈ যাবলৈ।জোনৰ গাড়ীখন
দুদিন ধৰি mechanicৰ গেৰেজত।যোৱাৰ আগেয়ে Adilৰ লগত
মনৰ চিনাকী কৰি দিলে তাই।আকৌ সেই একেই মিচিকীয়া হাঁহি।
পিছদিনা
অফিচলৈ গৈ ৰুমৰ তলা খুলিবলৈহে পালে জোনৰ আগত একপ্ৰকাৰ দৌৰি হাজিৰ হ’লহি
মানুহজন।যেন তাই অহালৈয়ে বাট চাই ৰৈ আছিল।
“Jane, I need
to speak to you. Hear me out please.”
সাংঘাতিক
গহীন মাত।প্ৰথমবাৰ জোনক Dr Jane বুলি
নামাতিলে দেখোন।অলপ সন্দেহ হ’ল।তাই শান্তভাৱে মানুহজনৰ
কথাবোৰ শুনি গ’ল।এইবাৰ তাইলৈ অনৰ্গল প্ৰশ্ন, মন তাইৰ অকল
বন্ধুৱেই নে তাতকৈ বহুত বেচি, তেঁও হেনো জোনক সপোনত দেখিছিল আৰু গম পালে সেই হেৰোৱা ৰানীজনী
বোলে তাইয়েই। ইমানেই নহয়, আৰু আচৰিত কৰা কথাও ক’লে
একে উশাহতে।তেঁও বোলে নিজৰ ঘৰ পৰিয়াল মাটি বাৰী সকলো এৰি হেৰোৱা ৰানীৰ লগতে সংসাৰ
কৰিব খোজে।তেঁওৰ সপোন বোলে সদায় ফলিয়ায়।প্ৰজাই হেনো সেইটো কথাই তেঁওক সপোনত বাৰে
বাৰে সকিয়াই আছে।সেইকাৰণে জোনে এতিয়া মনৰ কথা পাহৰি তেঁওৰ হেৰোৱা ৰানীৰ দায়িত্ত
পালন কৰিব লাগে।এতিয়াৰ পৰাই।জোনৰ ইতিমধ্যে ধৈৰ্য্যৰ বান্ধ ভাঙি সাত
সাগৰ পাৰ হ’লেই।বয়সত ডাঙৰ
বুলি কৰা সন্মানকনো ইতিমধ্যে বতাহত বিলীন হোৱাৰ উপক্ৰম।
“Please
leave me before I lose any respect for you and forget my senses.”
মানুহজন
আচৰিতভাৱে শান্ত হৈয়ে ৰ’ল।মুখত সেই একেই মিচিকীয়া
হাঁহি।তাইক এপলক চাই গুচি গ’ল।
জোনে
আৰু তেঁওৰ লগত কথা পাতিব নোৱাৰিলে।ইমান যুক্তিহীন অৰ্থহীন বিবেচনাহীন কথা।মাত্ৰ
ভাবি পাৰ নাপালে কি আছিল বাৰু এইবোৰ।তিনিমাহৰ পিছত এদিন মানুহজন নোহোৱা হৈ গ’ল।হঠাতে।ক’ত বা
হেৰাল, কি বা হ’ল কোনেও একো গমকে নাপালে।কোন আছিল বাৰু তেঁও? ক’ৰপৰা
বা আহিছিল, ক’ত বা হেৰাল।একেবাৰে সাঁথৰ যেন।বোধকৰো সেই হেৰোৱা
ৰাজপাটৰ সন্ধানত।হেৰোৱা ৰানীৰ সন্ধানত।কিজানি এতিয়াও।
Comments