দুৰৰ
পৰাই নিজৰ নামটো placardত
জিলিকি থকা দেখি জোনৰ মনটো ভাল লাগি গ'ল।
অন্তঃত তাইক receive কৰিবলৈ কোনোবা
আহিছে। নিজৰ
নামটোকে পঢ়ি পঢ়ি তাই placard লৈ ৰৈ থকা মানুহজনৰ ওচৰ পালেগৈ। অলপ বয়স হোৱা
যেন লাগিছে যদিও অনুমান কৰা টান।
“Dr Jane?” মানুহজনৰ গহীন মাত।
“Yes, that is me I suppose.” উত্তৰটো
দিওঁতে অলপ হাঁহি উঠিছিল যদিও control কৰিলে
তাই। Placardত Junjiri Hadhonidar বুলি
স্পষ্টকৈ লিখা আছে যদিও তাইৰ নামটো সাধাৰণতে
বাহিৰৰ মানুহে এনেকৈয়ে pronounce কৰে
দেখোন। বাহিৰৰ conferenceবোৰত তাইক সদায় Jane বুলিয়ে
মাতে। নামটো শুনিবলৈও ভালেই লাগে দেখোন।
“I am
John. Hope you had a pleasant flight.”
গহীন
মাতটো শুনি জোন চক খাই উঠিল। তাইৰ luggageটো লৈ মানুহজন খৰখোজেৰে আগুৱাই গ'ল। তাই মানুহজনৰ
পিছে পিছে গৈ গাড়ীত উঠিল। চাৰি ঘন্টাৰ nonstop flightৰ পিছত
এক ঘন্টামানৰ কাৰণে আকৌ এখনত উঠি ইয়ালৈ আহি আধা ঘন্টামান ৰৈ থকাৰ পিছতহে গহীন মাতৰ, মানে Johnৰ আবিৰ্ভাব। গতিকে গাড়ীত বহিয়েই
জোনৰ ভাগৰুৱা চকু জাপ খালে। কিমান সময় শুলে মনত নাই কিন্তু গাড়ীখন হঠাতে ৰৈ যোৱাত তাই সাৰ পাই চকুকেইটা ডাঙৰকৈ মেলি ইফালে
সিফালে চালে। Johnৰ তাইতকৈও ডাঙৰ চকুকেইটা
ইতিমধ্যে তাইৰ মুখৰ আগত হাজিৰ।
“We have
arrived at your destination. All okay?”
জোনে
অকল ইঙ্গীতেৰে হয়ভৰ দিওঁতেই গহীন মাতটো আকৌ শুনিলে।
“Good. I will
leave you here for a short while. Just get some rest. I will be here at 1.30
and take you out for lunch. Are you hungry now?”
“Not much.
I guess I will survive till 1.30.” জোনে হাঁহি হাঁহি কোৱা কথাষাৰত
Johnৰ কিন্তু অলপো হাঁহি নুঠিল। John গ'লগৈ। কেনেকোৱা
মানুহ বাৰো John তাই একো বুজিব নোৱাৰিলে। কিমান বা বয়স হ'ব মানুহজনৰ তাই এতিয়াও নাজানে। এঘন্টাৰ পিছতে
আকৌ আহিব বুলি তাই সোনকালে fresh হৈ ল'লে। ৰাতিপোৱাতে flightত breakfast কৰিছিল।
ভোক লগাটো স্বাভাবিক। তাইক নমাই থৈ যোৱা apartmentটো university
guest houseৰ part হয়। কিন্তু
campusৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আঁতৰত। ডাঙৰ apartmentটোত
নিজকে অকলে খুব সৰু যেন লাগিল জোনৰ। অথচ কিবা যেন এটা আৰাম। Refrigeratorত welcome drink
একদম chilled হৈ আছে। Leaving
roomত থকা couchখনত বহি লৈ তাই LED TVটো on কৰিলে।
স্থানীয় ভাষাৰ serial এখন চলি আছে। Johnৰ
চকুকেইটা আকৌ মনলৈ আহিল। মানুহজনৰ লগত বিশেষ একো কথা পতাই নহ'ল। কি বা কৰে, staff নে
বেলেগ কোনোবা সেয়াও নুসুধিলে তাই। আজি শনিবাৰ কাৰণে এতিয়ালৈকে Johnৰ বাহিৰে আন কাকো লগ পোৱাৰ সুবিধাও নাই। মানুহজনে বা কথা পাতিব নে নাই, কি কথা
তাই খোলোচাকৈ সুধিব পাৰিব সেইবোৰেই ভাবি থাকিল জোনে।
হঠাতে
calling bellটো বজাত জোন আকৌ চক খাই উঠিল। কথা
মতেই কাম। Exact timeত John আহি তাইৰ
apartmentৰ দুৱাৰমুখত হাজিৰ।
“Shall we?”
Johnৰ গহীন মাতটোৰ লগত এইবাৰ surprisingly এটা হাঁহি। জোনৰ মনলৈ এলপ সকাহ আহিল।
“Sure” তাই গহীনকৈ হাঁহি
মাৰি ক'লে।
Comments